ফুটবলাৰ নহয়, এইবাৰ অভিনেতা লিঅ’নেল মেছি। ফুটবলৰ খেলপথাৰত চমক সৃষ্টি কৰাৰ পিছত এইবাৰ অভিনয়ৰ পৃথিৱীত খোজ দিবলৈ আগবাঢ়িছে তাৰকা গৰাকী।

আৰ্জেন্টিনাৰ জনপ্ৰিয় টিভি ছিৰিজত অভিনয় কৰিব ফুটবলৰ ৰাজকুমাৰে।

লিঅ’নেল মেছি বিশ্বৰ বহু ডাঙৰ ব্ৰেণ্ডৰ সৈতে জড়িত। সেয়ে তেওঁক একাধিক বিজ্ঞাপনত কাম কৰা দেখা গৈছে। কিন্তু তাত তেওঁ এজন অভিনেতা হিচাপে নহয়, এজন ফুটবল তাৰকা হিচাপেই ধৰা দিছিল।

এইবাৰ সম্পূৰ্ণ এক বেলেগ চৰিত্ৰত অৱতীৰ্ণ হৈছে মেছি। ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ'ত  শ্বুটিঙৰ কিছুমান দৃশ্য দেখিবলৈ পোৱা গৈছে। ইয়াত ফুটবলৰ ৰাজকুমাৰে চ্যুট-পেণ্ট পিন্ধি অভিনয় কৰিছে। তেওঁক সহ-অভিনেতাসকলৰ সৈতে ধেমালি কৰাও দেখা গৈছে।

আৰ্জেন্টিনাৰ টিভি ছিৰিজ 'লছ প্ৰটেক্টৰছ'ত অভিনয় কৰিছে মেছিয়ে। অভিনয়ৰ পৃথিৱীত এইটো হ'ব তেওঁৰ প্ৰথম পদক্ষেপ। একাধিক স্থানত এই ছিৰিজৰ দৃশ্যগ্ৰহণ কৰা হ'ব। ফ্ৰান্সৰ বুয়েনছ আইৰেছ, আৰ্জেণ্টিনা আৰু পেৰিছত হ'ব দৃশ্যগ্ৰহণ। ২০২৩ চনত মুক্তি পাব ছিৰিজটো।

For more stories