NORTHEAST NOW (Assamese)

৫৪ লাখৰ ঘৰ অতিক্ৰম কৰিলে দেশত ক’ৰ’ণা আক্ৰান্তৰ সংখ্যাই, এদিনতে আক্ৰান্ত ৯৪,৬১২ গৰাকী লোক

September 20, 2020 12:03 pm · এন ই নাও নিউজ

ভাৰতত এতিয়া নিতৌ কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ভয়াৱহ ভাবে বৃদ্ধি পাইছে।

দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৯৪,৬১২ গৰাকী লোক।

সমগ্ৰ ভাৰতত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৫৪ লাখৰ ঘৰ।

ক’ৰ’ণাৰ সংক্ৰমণৰ ক্ষেত্ৰত এতিয়াও প্ৰথম স্থানত আছে আমেৰিকা।

দেশত প্ৰতি ঘণ্টাত ক’ৰ’ণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিছে গড়ে ১,২০৯ গৰাকীকৈ লোকে।

স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা অনুসৰি দেশত নিতৌ গড়ে ৭০,৮৬৭ গৰাকীকৈ লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে।

দেশত  এতিয়া ক’ৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যাই অতিক্ৰম কৰিলে ৫৪ লাখৰ ঘৰ।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত  ক’ৰ’ণাত আক্ৰান্ত মুঠ ৰোগীৰ সংখ্যা হৈছেগৈ ৫৪,০০,৬১৯ গৰাকী। এক্টিভ ৰোগীৰ সংখ্যা হৈছে  ১০,১০,৮২৪ গৰাকী।

এতিয়ালৈকে এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিছে ৮৬,৭৫২ গৰাকী লোকৰ।

একেদৰে কোভিডত আক্ৰান্ত হোৱা ৪৩,০৩,০৪৪ গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা মুক্ত হবলৈ সক্ষম হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত প্ৰতি এক লাখ লোকৰ ভিতৰত ৭৪.৭ গৰাকী লোকৰ ক’ৰ’ণা ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা হৈছে।

ক’ৰ’ণাৰ পৰা আৰোগ্য হোৱা ৰোগীৰ শতাংশ হাৰ হৈছে ৭৭.৩০ আৰু মৃত্যু ঘটা ৰোগীৰ শতাংশ হাৰ হৈছে ১.৭০।

Related News