NORTHEAST NOW (Assamese)
অসম

অনুসূচিত জাতি-জনজাতিৰ বিৰুদ্ধে কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদত বিশ্বনাথ কংগ্ৰেছৰ ধৰ্মঘট

Posted by: কাজি জেইদুল ইছলাম April 9, 2018 2:10 pm
IMG

অনুসূচিত জাতি-জনজাতিৰ বিৰুদ্ধে কেন্দ্ৰৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ প্রতিবাদত আজি বিশ্বনাথ জিলা কংগ্ৰেছে আঠঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰে।

উল্লেখযোগ্য যে বিজেপি চৰকাৰৰ শাসন কালত দেশৰ দলিত সম্প্ৰদায় আৰু অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলৰ ওপৰত অত্যাচাৰ দিনক দিনে বাঢ়ি গৈ আছে।

আনকি জাতি- জনজাতিৰ লোকসকলে অধিকাৰৰ ৰক্ষণাবেক্ষণ উচ্চতম ন্যায়ালয়ত কৰিব নোৱৰা হৈছে।

শেহতীয়াভাৱে যোৱা দুই এপ্ৰিলত সমগ্র ভাৰতব্যাপী জনজাতি সংগঠন সমূহে আহ্বান জনোৱা ভাৰত বন্ধৰ সময়ছোৱাত বিজেপি শাসিত ৰাজ্য সমূহত ব্যাপক হিংসা সংগঠিত হৈ কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ উপৰি এশৰো অধিক লোক আঘাতপ্ৰাপ্ত হোৱা কাৰ্যক গৰিহণা দি বিশ্বনাথ জিলা কংগ্ৰেছে আজি কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত দিনৰ ৮ বজাৰ পৰা আবেলি ৪ বজালৈকে ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰে।

এই আঠঘণ্টীয়া অনশন কাৰ্যসূচীত বিশ্বনাথ জিলা কংগ্ৰেছৰ প্ৰায় শতাধিক কৰ্মীয়ে বেনাৰ- প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন শ্ল’গান দি আকাশ বতাহ মুখৰিত কৰি তোলে।