NORTHEAST NOW (Assamese)
অসম

অসহিষ্ণুতা : নলবাৰীত চকুৰ পলকতে বধ্যভূমিত পৰিণত হ’ল বিবাহস্থলী

Posted by: এন ই নাও নিউজ July 11, 2018 7:49 pm
Mukalmua-dead-570x320

মঙলবাৰে মাজ নিশা নামনি অসমৰ নলবাৰীৰ মুকালমুৱা অঞ্চলৰ ঘোঁৰাঠাল গাঁৱত অনুষ্ঠিত বিবাহস্থলী এখনত সংঘটিত হ’ল এটা লোমহৰ্ষক হত্যাকাণ্ড। এই হত্যাকাণ্ডটো সংঘটিত কৰিলে সুৰাপান কৰি মাতাল হোৱা ১০-১২ জনীয়া এদল মানুহে।

ঘটনাৰ বিৱৰণি মতে, বিবাহস্থলীৰ বাহিৰত ফটকা ফুটাবলৈ বাধা দিয়াৰ বাবেই এদল উদণ্ড সুৰাপায়ীৰ হাতত শেষ হৈ গ’ল ৩৫ বছৰ বয়সীয়া এজন লোকৰ জীৱন।

ঘটনাৰ স্থান হৈছে নলবাৰীৰ মুকালমুৱা এলেকাৰ ঘোঁৰাঠাল গাঁও। এগৰাকী প্ৰত্যক্ষদৰ্শীৰ মতে ফটকা ফুটোৱাক লৈ বাদানুবাদ হোৱাক লৈ ১০-১২ জনীয়া লোকৰ এটা দলে এজন লোকক বেয়াকৈ আঘাত কৰাৰ ফলত তেওঁৰ থিতাতে মৃত্যু হয়। মৃত লোকজনৰ নাম যতীন দাস বুলি জানিব পৰা গৈছে।

হত্যাকাৰীৰ দলটোত চামিল থকাৰ অভিযোগত জিতেন তালুকদাৰ, দীপাংকৰ তালুকদাৰ, বৰুণ তালুকদাৰ, অচ্যুত তালুকদাৰ, হৰেকৃষ্ণ তালুকদাৰ আৰু বিদ্যুত বৰ্মণক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

স্থানীয় লোকসকলে জানিবলৈ দিছে যে কইনা পক্ষৰ যুৱককেইজনে নিশা প্ৰায় ১১.০০ বজাত, দৰা আহি পোৱাৰ কিছু পূৰ্বে বিবাহস্থলীৰ বাহিৰত ফটকা ফুটাবলৈ ধৰে।

‘নিউজ লাইভ’ৰ প্ৰতিৱেদন অনুসৰি,  দিন হাজিৰা কৰা যতীন দাসে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত পাইচাৰী কৰি থাকোঁতে এই মদ্যপায়ীকেইজনৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হয়। তাৰ পাছত মদ্যপায়ীৰ দলটোৱে যতীন দাসলৈ বুলি লক্ষ্য কৰি ফটকা দলিয়ায়।

বাক-বিতণ্ডাৰ পাছতেই প্ৰায় ১০-১২জনীয়া মদ্যপায়ীৰ দলটোৱে যতীন দাসক খেদি খেদি মাৰধৰ কৰে আৰু আৰু তাৰ ফলত যতীনৰ মৃত্যু হয়।

এই হত্যাকাণ্ডৰ পাছত এলেকাটোত আৰক্ষী আৰু অৰ্ধ-সামৰিক বাহিনীৰ লোক মোতায়েন কৰা হৈছে। নিহত যতীন দাসে ইহ সংসাৰত পত্নী আৰু দুটা সন্তান এৰি থৈ যায়।

আনহাতে,দৰাঘৰীয়া লোকসকল  কইনা ঘৰলৈ আহিবলৈ অস্বীকাৰ কৰাৰ ফলত এই হত্যাকাণ্ডটোৰ পাছত বিবাহ অনুষ্ঠিত কৰিব পৰা নগ’ল।