NORTHEAST NOW (Assamese)
অসম

CAA বিৰোধী প্ৰতিবাদকাৰীক গুলীওৱা ঘটনাৰ সৈতে জড়িত এজনক গ্ৰেপ্তাৰ

Posted by: ঋতুপল্লব শইকীয়া Updated by: ঋতুপল্লব শইকীয়া January 7, 2020 9:04 am
Firing-

যোৱা ২ জানুৱাৰিৰ নিশা গোলাঘাট জিলাৰ হাবিয়াল গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সোমবাৰে ৰোহিনী কুমাৰ গগৈ নামৰ এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ পিছতে গগৈক গোলাঘাটৰ চি জে এম ক’ৰ্টত হাজিৰ কৰোৱা হয় আৰু আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।

গুলীচালনাৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে গগৈৰ লাইচেঞ্চ থকা পিষ্টলটো জব্দ কৰি ফৰেঞ্চিকলৈ প্ৰেৰণ কৰিছিল। ফৰেঞ্চিকৰ প্ৰতিবেদনৰ ভিত্তিতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৭ ২৫(১) এ আৰু আৰ্মছ এক্ট ২৭ৰ অধীনত ০৭/২০২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰে।

উল্লেখ্য যে CAA-বিৰোধী আন্দোলনক নেতৃত্ব দিয়া ৰূপা আৰু প্ৰাঞ্জল ৰাজখোৱাৰ ঘৰলৈ ২ জানুৱাৰিৰ নিশা অচিনাক্ত দুৰ্বৃত্তই গুলীচালনা কৰিছিল।

CAA-বিৰোধী প্ৰতিবাদকাৰী বিনয় বৰুৱা নামৰ এজন লোকৰ মাৰুতি ভেনখনৰো ক্ষতিসাধন কৰে অচিনাক্ত দুৰ্বৃত্তই।

জিলাখনত ৰাজখোৱা দম্পতী আৰু বৰুৱা, আটাইকেইজনেই CAA-বিৰোধী আন্দোলনক সমুখৰ পৰা নেতৃত্ব দি আহিছে।

এনেধৰণৰ নিকৃষ্ট ঘটনা সংঘটিত হোৱাৰ পিছতে স্থানীয় লোক তথা ভুক্তভোগী সকলে গুলীচালনাৰ আঁৰত খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়া জড়িত থকাৰ অভিযোগ আনিছিল।