NORTHEAST NOW (Assamese)
অসম

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

Posted by: চানু গগৈ Updated by: চানু গগৈ March 8, 2021 8:32 pm
a chanuu

সমগ্ৰ ৰাজ্যৰ লগতে সোমবাৰে মৰিগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত বিশ্ব নাৰী দিৱস উপলক্ষ্যে জিলা প্ৰশাসনৰ সকলো মহিলা কৰ্মচাৰী সকলক লৈ জিলা উপায়ুক্ত লীনা দাসে  বিয়লি এক অনুষ্ঠান অনুষ্ঠিত কৰে ।

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে প্ৰস্তুত কৰা এটা বৃহৎ আকাৰৰ কেক কাটি জিলা উপায়ুক্ত গৰাকীয়ে বিভিন্ন বিভাগৰ  মহিলা কৰ্মচাৰীসকলক বিশ্ব নাৰী দিৱস উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰি কয় যে নাৰী যিমান উচ্চ পদত অধিষ্ঠিত নহওক কিয় কাৰ্যালয়ৰ কাম সমাপন কৰি নাৰীয়েই  ঘৰুৱা কাম সমাপন কৰিব লগীয়া হয় ।

এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত  পুনম ৰাও বৰাৱেও সাৰুৱা  ভাষণ ৰাখি কয় যে নাৰী আৰু পুৰুষ মিলি কাম কৰিলেহে সমাজৰ উন্নতি  সম্ভব হ’ব।

পূৰ্বতে আমাৰ সমাজত ঠেক মানসিকতাৰ বাবে নাৰীক ঘৰৰ চৌহদতে আৱদ্ধ কৰি ৰখা হৈছিল । সাম্প্ৰতিক কালত ল’ৰা ছোৱালীক সম শিক্ষা দিয়া হয় আৰু এই প্ৰক্ৰিয়াই সমাজক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহুত সহায় কৰে বুলি জিলা উন্নয়ন আয়ুক্তই মত প্ৰকাশ কৰে ।

অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত  ৰমী বৰুৱা আৰু অতিৰিক্ত উপায়ুক্ত অজিত কুমাৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰী আৰু জিলা পৰিষদৰ মুখ্য কাৰ্যবাঁহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু,  সহ-আয়ুক্ত  মৈত্ৰেয়ী মৰাণ, নৱ নিযুক্ত সহ-আয়ুক্ত দ্বয় প্ৰমুখ্যে জিলা প্ৰশাসনৰ কৰ্মচাৰী সকল উপস্থিত আছিল ।