NORTHEAST NOW (Assamese)
অসম

৮৭ বছৰত ভৰি দিলে কথা শিল্পী ইমৰাণ শ্বাহ; গুণমুগ্ধৰ শুভেচ্ছা

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ November 23, 2019 1:22 pm
Imran Shah

আজি বিশিষ্ট সাহিত্যিক, কথা শিল্পী ইমৰাণ শ্বাহৰ ৮৬ বছৰীয়া জন্মদিন উপলক্ষে সাহিত্যিক গৰাকীক তেওঁৰ শিৱসাগৰৰ ধাইআলিস্থিত বাসগৃহলৈ আহি বিভিন্ন দল-সংগঠনৰ লগতে অজস্ৰ গুণমুগ্ধই শুভেচ্ছা জনায়।

১৯৩৩ চনত শিৱসাগৰৰ ধাইআলিত জন্মগ্ৰহণ কৰা কথাশিল্পী গৰাকীয়ে নৱম শ্ৰেণীত পঢ়ি থাকোতেই বনবাসী নামৰ এখন কাব্য সংকলন প্ৰকাশ কৰি সাহিত্যজগতত ভুমুকি মাৰিছিল। তেতিয়াৰ পৰাই একেধাৰে বিভিন্ন গল্প, নিবন্ধ, কবিতা পুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি আহিছে।

নাতিৰ সৈতেৰ ইমৰাণ শ্বাহ

২০১২ চনৰ অসম সাহিত্য সভাত সভাপতিৰ পদ অলংকিত কৰাৰ লগতে বিশিষ্ট সাহিত্যিক গৰাকীয়ে অসম চৰকাৰে অসম উপত্যকা সাহিত্য বঁটা আৰু আজানপীৰ বঁটাৰে সন্মানিত কৰিছে।

আজি নিজৰ ওপজা দিনত শ্বাহে নৱপ্ৰজন্মক সাহিত্যৰ প্ৰতি আগ্ৰহী হ’বলৈ অনুৰোধ জনোৱাৰ লগতে নববৰ্ষত অসমবাসীলৈ দুখন নতুন কিতাপ উপহাৰ দিব বুলি জানিবলৈ দিয়ে জনায়।