NORTHEAST NOW (Assamese)
অসম

ৰিপুন বৰাৰ বিৰুদ্ধে ‘অপমানসূচক মন্তব্য’ কৰি কংগ্ৰেছৰ পৰা নিলম্বিত পাৰ্থপ্ৰতিম বৰা

Posted by: কল্পজ্যোতি শইকীয়া June 10, 2018 10:59 pm
ParthPBora

‘অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শোণিতপুৰ জিলা কমিটিৰ এগৰাকী সম্পাদক পাৰ্থপ্ৰতিম বৰাই দলীয় শৃংখলা ভংগ কৰাৰ বাবে তথা এগৰাকী ৰাজ্যিক সভাপতিক অপমান কৰাৰ অপৰাধত দলে তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ প্ৰাথমিক সদস্য পদৰ পৰা নিলম্বন কৰিছে।‘ গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেলযোগে আজি ১০ জুনত এই কথা জনাই কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই।

ভট্টাচাৰ্য্যই কয় ‘দলৰ সভাপতিৰ বিৰুদ্ধে পাৰ্থপ্ৰতিম বৰাই পেছাত এগৰাকী আইনজীৱী হৈ যিবোৰ অমাৰ্জিত শব্দ প্ৰয়োগ কৰি বক্তব্য দিছে সেইটোৱে তেওঁৰ দলৰ প্ৰতি আনুগত্য নথকাটোৱেই বুজাইছে।‘

তেওঁ কয় ‘এন এছ ইউ আইয়ে তেজপুৰত অনুষ্ঠিত কৰা সম্বৰ্ধনা সভাৰ বিষয়ে জিলা কংগ্ৰেছ অৱগত নাছিল। উক্ত দিনটোতে প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজ্যজুৰি চাইকেল যাত্ৰাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিছিল। পাৰ্থপ্ৰতিম বৰাক শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ সম্পাদক  হিচাপে চাইকেল ৰেলী অনুষ্ঠিত কৰাৰ দায়িত্ব দিয়া হৈছিল। সেই চাইকেল ৰেলী অনুষ্ঠিত কৰাৰ বিপৰীতে জিলা এন এছ ইউ আইক তেওঁ দলৰ শৃংখলাৰ বিৰুদ্ধে নিবৰ কাৰণে যি ভূমিকা গ্ৰহণ কৰিলে সেই ভূমিকা নিঃসন্দেহে দলৰ পৰিপন্থী।’

পাৰ্থপ্ৰতিম বৰাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি সাতদিনৰ ভিতৰত দলৰ সভাপতিক প্ৰতিবেদন দাখিল কৰিবৰ কাৰণেও দলীয় নিৰ্দেশ দিয়া হৈছে।

তেওঁ কয়  ‘তিনিগৰাকী দলৰ সতীৰ্থক এইক্ষেত্ৰত দায়িত্ব ন্যস্ত কৰা হৈছে। সাংগঠনিক সাধাৰণ সম্পাদক ৰঞ্জন বৰা, সাধাৰণ সম্পাদক ব্ৰজেন কুমাৰ সন্দিকৈ আৰু সম্পাদক আনোৱাৰ আহমেদক লৈ এখন তদন্ত কমিটি গঠন কৰি দিয়া হৈছে।’