NORTHEAST NOW (Assamese)
অসম

বিৰাট কোহলীৰ সহযোগিতাৰে গৰ্ভাৱস্থাত অনুষ্কাৰ শীৰ্ষাসন; ছ’চিয়েল মিডিয়াত অনুৰাগীৰ প্ৰশংসা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 1, 2020 4:03 pm
বিৰাট কোহলীৰ সহযোগিতাৰে গৰ্ভাৱস্থাত অনুষ্কাৰ শীৰ্ষাসন; ছ’চিয়েল মিডিয়াত অনুৰাগীৰ প্ৰশংসা

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী তথা ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ পত্নী অনুষ্কা শৰ্মাই গৰ্ভাৱস্থাৰে কৰা যোগাসনে বৰ্তমান সময়ত সকলোতে চৰ্চা লাভ কৰিছে।

অনুষ্কা শৰ্মাই স্বামী বিৰাট কোহলীৰ সহযোগত গৰ্ভাৱতী অৱস্থাৰে শীৰ্ষাসন যোগমুদ্ৰা কৰাৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাছতে সকলোৱে অভিনেত্ৰী গৰাকী আৰু কোহলীক প্ৰশংসা কৰিছে।

‘‘দেৱালৰ সহযোগিতা আৰু মোৰ স্বামী বিৰাট কোহলীয়ে ভাৰসাম্য ৰক্ষাৰ বাবে কৰা সহযোগে মোক অধিক সুৰক্ষা প্ৰদান কৰিছে,’’ অনুষ্কা শৰ্মাই এইদৰে লিখে।

‘‘গৰ্ভৱতী অৱস্থাতো মই মোৰ যোগ অভ্যাস ৰক্ষা কৰিব পাৰি নিজকে সৌভাগ্যৱান অনুভৱ কৰিছো,’’ অনুষ্কাই লগতে উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিৰাট-অনুষ্কাই প্ৰথম সন্তানৰ পিতৃ-মাতৃ হোৱাৰ বাবে অপেক্ষাৰত। অধিনায়ক বিৰাট কোহলীয়ে এই শুভক্ষণত পত্নী অনুষ্কাৰ সৈতে থকাৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মাত্ৰ এখন টেষ্টত অংশলৈ ঘৰলৈ উভতি আহিব।

‘‘আমাৰ বাবে এয়া এক নতুন অভিজ্ঞতা আৰু ভাল লগা মুহুৰ্ত। সেয়েহে আমাৰ আহিবলগীয়া সন্তানটো জন্মহোৱাৰ সময়ত মই মোৰ পত্নীৰ ওচৰত থাকিব বিচাৰো,’’ বিৰাট কোহলীয়ে সংবাদমাধ্যমৰ আগত এইদৰে প্ৰকাশ কৰে।