NORTHEAST NOW (Assamese)
Popular Stories

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2021 8:35 pm
index.jpgb

এগৰাকী ১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱনৰ দ্বাৰা অচেতন কৰি দুগৰাকী নাবালকসহ ৯ গৰাকী লোকে ৮ দিন ধৰি গণধৰ্ষণ কৰাৰ বাতিৰ পোহৰলৈ আহিছে।

সোমবাৰে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ৰাজস্থানৰ ঝালৱাৰত সংঘটিত হৈছে এই জঘন্য কাণ্ড।

যোৱা শুকুৰবাৰে কিশোৰীগৰাকীয়ে কেনেবাকৈ তেওঁলোকৰ হাতৰ পৰা পলায়ন কৰি নিজৰ গৃহত উপস্থিত হোৱাৰ পিছতে সমগ্ৰ কাণ্ডটো পোহৰলৈ অহা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

ইতিমধ্যে আৰক্ষীৰ থানাত কিশোৰীগৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। পিতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুগৰাকী নাবালকসহ ৪ গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে।

ডিএছপি চুকেট মনজিৎ সিঙে প্ৰকাশ কৰা অনুসৰি কিশোৰীগৰাকীয়ে অভিযোগ কৰিছে যে বন্ধু বুলবুল আৰু চুথমলে যোৱা ২৫ ফেব্ৰুৱাৰিত স্কুল বেগ ক্ৰয় কৰাৰ অজুহাতত তাইক ঝালাৱাৰ চহৰলৈ বুলি লৈ গৈছিল।

ইয়াৰ পিছতে তেওঁলোকৰ লগত আৰু তিনিজন লোকে সংগ দি এখন পাৰ্কলৈ নি তাইক নিচাযুক্ত দ্ৰৱ্য সেৱন কৰোৱাই অচেতন কৰি গণধৰ্ষণ কৰে।

কিশোৰীগৰাকীয়ে অভিযোগ কৰা অনুসৰি আঠদিন ধৰি ঝালৱাৰ চহৰৰ বিভিন্ন ঠাইলৈ নি বিভিন্ন সময়ত অন্তত নগৰাকী লোকে তাইক ধৰ্ষণ কৰিছিল।

ডিএছপি সিঙে জনাইছে যে কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছতে অভিযান চলাই চাৰিজন অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে আৰু অন্য অভিযুক্তসকলক গ্ৰেপ্তাৰৰ বাবে অভিযান অব্যাহত ৰাখিছে।