NORTHEAST NOW (Assamese)
অসম

সন্তোষ ট্ৰফীত পঞ্জাৱক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে মিজেৰামে

Posted by: এন ই নাও নিউজ March 25, 2018 11:40 am
Football-570x320

৭২ তম সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ এখন খেলত শনিবাৰে মিজোৰামে পঞ্জাৱক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰিছে।

মিজোৰামে এতিয়া তিনিখন খেলৰ তিনিখনতেই বিজয়ী হৈ গ্ৰুপ বি ত ৯ পইন্ট অৰ্জন কৰি শীৰ্ষস্থানত আছে। মিজোৰামৰ পিছতে গ্ৰুপত ৬ পইন্ট লাভ কৰি দ্বিতীয় স্থানত আছে কৰ্ণাটক।

হাওৰা ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত প্ৰথমাৰ্দ্ধৰ সাত মিনিটতে লাল ৰেমৰুৱাটাই প্ৰথমটো গলেৰে দলক অগ্ৰগতি দিয়ে। ইয়াৰ কেইমিনিটমানৰ পিছতে ৰেমৰুৱাটাই তেওঁৰ দ্বিতীয়টো গলেৰে ব্যৱধান ২-০ লৈ বৃদ্ধি কৰে। খেলৰ ৫৬ মিনিটত পঞ্জাৱৰ জিতেন্দৰ ৰাৱাটে দিয়া গলেৰে পঞ্জাৱে ব্যৱধান ২-১ লৈ হ্ৰাস কৰে।

ৰবীন্দ্ৰ সৰোবৰ ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত কৰ্ণাটকে উৰিষ্যাক ২-১ গলৰ ব্যৱধানত পৰাজিত কৰে। ৭২ তম সন্তোষ ট্ৰফীৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাখনত কৰ্ণাটকেও পৰৱৰ্তী পৰ্যায়ত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

খেলৰ ২৬ মিনিটত কৰ্ণাটকৰ লিয়ন আগাষ্টাইনে প্ৰথমটো গল দিয়ে যদিও প্ৰথমাৰ্দ্ধৰ আঘাতৰ বাবে দিয়া অতিৰিক্ত সময়ত উৰিষ্যাৰ অৰ্জুন নায়কে সমতা স্থাপন কৰে।

খেলখনৰ দ্বিতীয়াৰ্দ্ধত সিদ্ধান্তমূলক সমাপ্তিৰ বাবে দুয়োটা দলেই তীব্ৰ যুঁজত অৱতীৰ্ণ হয়। অৱশেষত খেল ৮৭ মিনিটত ৰাজেশ এছে কৰ্ণাটকৰ হৈ বিজয়সূচক গলটো দিয়ে।