NORTHEAST NOW (Assamese)
অসম

হাৰিয়ানাত অসমৰ যুৱতী উদ্ধাৰ, এজনক আটক

Posted by: মুকেশ কুমাৰ সিং March 25, 2018 12:15 pm

ধুবুৰী আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে এক অভিযান চলাই যোৱা শুক্ৰবাৰে হাৰিয়ানাৰ থৌগাঁৱৰ পৰা অসমৰ এগৰাকী ২২ বছৰীয়া যুৱতী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

বৰ্তমান ধুবুৰী আৰক্ষীৰ জিম্মাত নিৰাপদে থকা উক্ত যুৱতীগৰাকীৰ ঘৰ ধুবুৰীৰ বিলাসীপাৰাত বুলি জানিব পৰা গৈছে।

এই সম্পৰ্কত আৰক্ষীয়ে ছাজিকুল ইছলাম নামৰ এজন লোকক আটক কৰিছে। অভিযুক্ত ছাজিকুলৰ ঘৰ বৰপেটাৰ কলগাছিয়াত বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে বিলাসীপাৰা আৰক্ষী থানাত ভুক্তভোগি যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ অধিনত ১১২৮/২০১৭ ইউ/এছ ১২০ বি/ ৩৭১/৩৭২ নম্বৰৰ এক গোচৰৰ ৰুজু কৰিছিল।

উক্ত গোচৰৰ ভিত্তিত ধুবুৰী আৰক্ষী থানাৰ উপ পৰিদৰ্শক সঞ্জয় বুৰাগোহাঁইৰ নেতৃত্বত যোৱা এটা ৮ জনিয়া আৰক্ষীৰ দলে হাৰিয়ানা আৰক্ষীৰ সহযোগত যুৱতীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।