NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱৰ ১৯৩টা ভূমিহীন পৰিয়ালক প্ৰদান কৰিলে ভূমি পট্টা

Posted by: অমল কুমাৰ দাস November 4, 2018 5:57 pm
Morigaon- land patta distribution

মৰিগাঁও জিলাৰ বিভিন্ন ৰাজহ চক্ৰৰ অন্তৰ্গত ভূমিহীন পৰিয়ালৰ মাজত আজি ভূমি পট্টা প্ৰদান কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক নগৰ উন্নয়ন ও ৰাজ্যিক স্বাস্থ্য ও পৰিয়াল কল্যান মন্ত্ৰী পীযুষ হাজৰিকা, মৰিগাঁও সমষ্টিৰ বিধায়ক তথা মীন উন্নয়ন নিগমৰ অধ্যক্ষ ৰমা কান্ত ডেউৰী, উপায়ুক্ত ৠতু ৰাজ বৰাৰ  লগতে বহু গণ্য-মান্য ব্যক্তি।

ভূমি পট্টা প্ৰদান অনুষ্ঠানত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত ডেউৰীয়ে আজি ১৯৩ জন ভূমিহীন লোকক মটিৰ পট্টা দিয়াৰ কথা উল্লেখ কৰি অতি শীঘ্ৰে আৰু ৫০০টা পৰিয়ালক ভূমি পট্টা প্ৰদান কৰিব বুলি ঘোষণা কৰে।

মন্ত্ৰী পীযুষ হাজৰিকাই কংগ্ৰেছৰ দিনতকৈ বহিজেপি চৰকাৰৰ শাসন কালত মৰিগাঁও নগৰৰ লগতে জিলাখনৰ ৰাষ্টা-ঘাটৰ অধিক ক্ষীপ্ৰতাৰে উন্নয়ন হোৱা বুলি স্পষ্ট ৰূপত উল্লেখ কৰা দেখা যায়।

উল্লেখ্য যে যোৱা ১ নৱেম্বৰত জিনিচুকীয়া জিলাৰ ধলাত অচিনাক্ত বন্দুকধাৰীয়ে নৃশংসভাৱে ৫জন নিৰীহ লোকক হত্যা কৰা ঘটনাৰ প্ৰতি গভীৰ সমবেদনা জনোৱাৰ লগতে দোষীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ বাবে মুখ্য মন্ত্ৰীক ব্যৱস্থা গ্ৰহন কৰিবলৈও মন্ত্ৰী পীযুষ হাজৰিকাই আহ্বান জনায়।