NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচল প্ৰদেশ সচিবালয়ত নতুন কেবিনেট প্ৰেক্ষাগৃহ মুকলি মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

Posted by: প্ৰণৱ কুমাৰ দাস March 30, 2018 6:28 pm
The new cabinet hall in the state civil secretariat building in Itanagar

অৰুণাচল প্ৰদেশৰ ৰাজ্যিক সচিবালয় ভৱনত আজি ৩০ মাৰ্চত মুখ্য মন্ত্ৰী পেমা খান্দুৱে মুকলি কৰিলে এক নতুন কেবিনেট হল। অনুষ্ঠানটোত উপ মুখ্য মন্ত্ৰী চুনা মেইন আৰু আন কেবিনেট মন্ত্ৰীসকলো অনুষ্ঠানটোত উপস্থিত আছিল।

সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় এই নতুন প্ৰেক্ষাগৃহটো মুকলি কৰা, পোহৰ, অ’ডিঅ’ আৰু প্ৰজেক্তৰ নিয়ন্ত্ৰণ আদি আই পেডৰ যোগেদি নিয়ন্ত্ৰণ কৰিব পৰা যায়।

প্ৰেক্ষাগৃহটোৰ প্ৰতিখন আসনতে থাকিব কীপেডযুক্ত আই পেড আৰু মাইক।

কথা-বাৰ্তা পতাত সুচলতাৰ বাবে প্ৰেক্ষাগৃহটোৰ আসনসমূহ ঘূৰণীয়াকৈ সজোৱা হৈছে।