NORTHEAST NOW (Assamese)
অসম

আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ কৰিব উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৱে

Posted by: এন ই নাও নিউজ April 17, 2018 9:12 am
Venkaiah-Naidu-678x381

আজি গৌৰৱোজ্জ্বল অসম কৃষি বিশ্ববিদ্যালয়ৰ সোণালী জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব ভাৰতৰ উপ-ৰাষ্ট্ৰপতিয়ে এম ভেংকায়া নাইডুৱে।  বিশ্ববিদ্যালয়খনত দিনৰ ১০-৫০ বজাত উপ-ৰাষ্ট্ৰপতি পদাপৰ্ণ কৰাৰ লগে লগেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ কমল মল্ল বুজৰবৰুৱা আৰু পঞ্জীয়ক অপৰ্ণ কুমাৰ শইকীয়াই মুখ্য অতিথিগৰাকীক আনুষ্ঠানিকভাৱে আদৰণি জনাব।

উল্লেখ্য যে কৃষি বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ সভাপতিত্বত অনুষ্ঠিত হ’ব লগা সোণালী জয়ন্তীৰ শুভ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে কৃষিমন্ত্ৰী অতুল বৰা আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাই অংশগ্ৰহণ কৰিব।

আনহাতে আজিৰ এই অনুষ্ঠানতে কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা ১৫ গৰাকী বিশিষ্ট ব্যক্তিক অসমৰ সমাজ জীৱনৰ ভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য বৰঙনিৰ স্বীকৃতিস্বৰূপে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হ’ব। তাৰোপৰি কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰি উলিওৱা ৩খন গ্ৰন্থও এই অনুষ্ঠানতে মুখ্য অতিথিয়ে উন্মোচন কৰিব।

কৃষি বিশ্ববিদ্যালয়ৰ  সোণালী জয়ন্তীৰ শুভাৰম্ভণি কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্ববিদ্যালয়তে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব। বিয়লি ৩ বজাত উপ-ৰাষ্ট্ৰপতি উত্তৰ-পূব বিজ্ঞান আৰু প্ৰয়ুক্তি বিদ্যা প্ৰতিষ্ঠানলৈ ( নেইষ্ট) যাব।

‘নেইষ্ট’ত উপ-ৰাষ্ট্ৰপতিয়ে এড্‌ভান্স চিভিল ইঞ্জীনিয়াৰিং গৱেষণা কেন্দ্ৰ পৰিদৰ্শন কৰাৰ  লগতে এই গৱেষণা কেন্দ্ৰৰ পৰা উপকৃত হোৱা হিতাধীকাৰী আৰু গৱেষকৰ সৈতে মত বিনিময় কৰিব।