NORTHEAST NOW (Assamese)
অসম

আৰ্থিক বাধা নেওচি মেট্ৰিকত উজলিল শিৱসাগৰ জকাইচুকৰ কৃষক-সন্তান দীপজ্যোতি চুতীয়া

Posted by: ৰাজীৱ দত্ত May 30, 2018 9:35 pm
Deepjyoti Chutia

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিৱসাগৰ ( Sivasagar )ৰ জকাইচুক মৌজাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান দুৰ্ল্লভ চন্দ্ৰ গগৈ জকাইচুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ দীপজ্যোতি চুতীয়াই ৬টা বিষয়তে লে’টাৰ মাৰ্কসহ ৯৪.৮ শতাংশৰে ডিষ্টিংশ্যন লাভ কৰিছে।

সৰুৰে পৰা মেধাৰ পৰিচয় দিয়া দীপজ্যোতিয়ে অসমীয়াত ৯৪, ইংৰাজীত ৮৯, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৫, সমাজ বিজ্ঞানত ৯৬ আৰু উচ্চ গণিতত ৯৫ নম্বৰসহ মুঠ ৫৬৯ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।

ক্ৰিকেট খেলি ভাল পোৱা দীপজ্যোতিয়ে ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ লক্ষ্য বুকুত বান্ধি ইতিমধ্যে শিৱসাগৰৰ আৰ্যভট্ট একাডেমীত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত নাম ভৰ্ত্তি কৰিছে।

হাতীঘূলি মজলীয়া বিদ্যালয়ত পঢ়ি থকা অৱস্থাত তিনিবাৰকৈ ৰীণা ফুকন সোঁৱৰণী বিদ্যালয়ৰ শ্ৰেষ্ঠ ছাত্ৰ বঁটাপ্ৰাপ্ত দীপজ্যোতি হাতীঘূলি গাওঁ নিবাসী দৰিদ্ৰ কৃষক গোপাল চুতীয়া আৰু পুষ্পাঞ্জলী চুতীয়াৰ পুত্ৰ।