NORTHEAST NOW (Assamese)
অসম

বিজেপি চৰকাৰে দুবছৰতে সমালোচনাৰ ভৰ সহিব নোৱাৰি প্ৰতিবাদী কন্ঠ ৰোধ কৰিব বিচাৰিছে : অপূৰ্ব ভট্টাচাৰ্য্য

Posted by: কল্পজ্যোতি শইকীয়া May 30, 2018 9:44 pm
অপূৰ্ব ভট্টাচাৰ্য

‘গণতান্ত্ৰিক ব্যৱস্থাৰ স্বাধীনতাৰ কথা কোৱা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে দুবছৰে সমালোচনাৰ ভৰ সহিব নোৱাৰি প্ৰতিবাদী কন্ঠ ৰোধ কৰিব বিচাৰিছে।‘

আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই এখন প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা সদৰী কৰে।

উল্লেখযোগ্য যে ছ’ছিয়েল মিডিয়াত শেহতীয়াকৈ কংগ্ৰেছ দলৰ ছ’ছিয়েল মিডিয়াৰ সৈতে জড়িত প্ৰমোদ পাৱে, নেকিব দুদুল আৰু দীপাংকৰ বৰাই মোডী চৰকাৰৰ কিছুমান আঁচনিক লৈ সমালোচনা কৰিছিল।

মোদী চৰকাৰক কাম-কাজক সমালোচনা কৰাৰ বাবে উক্ত তিনিওজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তুলি ভট্টাচাৰ্য্যই বিবৃতিটোত কয় যে সুস্থ গণতন্ত্ৰত গণবিৰোধী ভূমিকাৰ সমালোচনা কৰাটো এক অপৰিহাৰ্য্য অংগ।

শাসকীয় বিজেপি দলৰ নেতৃত্বত চলা ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ আৰক্ষী বিভাগে এইক্ষেত্ৰত পক্ষপাতিত্বমূলকভাবে একমাত্ৰ কংগ্ৰেছ কৰ্মীৰ ওপৰত ভূৱা গোচৰ জাপি দি কংগ্ৰেছ কৰ্মীৰ কন্ঠ ৰোধ কৰিব বিচাৰিছে বুলিও তেওঁ বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।

ভট্টাচাৰ্য্যই ৰাজ্য চৰকাৰক সকীয়নি প্ৰদান কৰি কয়, ‘কংগ্ৰেছ জন-গণৰ প্ৰতি দায়িত্ব থকা দল, এই দলে জনগণৰ অধিকাৰ খৰ্ব কৰিব বিচৰা কাৰ্য্যৰ প্ৰতিবাদ কৰিবলৈ নীতিগতভাবে দায়বদ্ধ। আৰক্ষীৰ ত্ৰাস আৰু চৰকাৰৰ প্ৰতিৰোধ পৰায়ণতা মনোভাবে আমাক আৰু দৃঢ় কৰিহে তুলিব।‘

আনহাতে, কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি ‘দীপাংকৰ বৰা নামৰ ল’ৰাজনে কিছুমান লিমাৰিক শব্দ ব্যৱহাৰ কৰি চৰকাৰক সমালোচনা কৰিছিল, এইটো কংগ্ৰেছ দলৰো নীতি বহিৰ্ভূত কথা।‘

‘কিন্তু ল’ৰাজন বয়সত বহু সৰু,‘ বুলি আমাৰ আগত মত প্ৰকাশ কৰি লগতে তেওঁ কয় যে চৰকাৰখনে অনুধাবন কৰা উচিত এনেকুৱা ধৰণৰ প্ৰতিবাদী সত্তা সৰু ল’ৰাটোৰ মনত কিয় গঢ় লৈ উঠিল?

‘কংগ্ৰেছৰ দিনতো এটা ব্যক্তিগত চেনেলৰ জৰিয়তে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ চৰকাৰখনক ব্যংগাত্মকভাবে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ উপৰিও বৰ্তমানো বিজেপিৰ নেতাসকলে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক পাপ্পু বুলি ইতিকিং কৰাৰ লগতে বিৰোধী ভূমিকা লৈ থাকোঁতে বিজেপিয়ে কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্বকো কঠোৰ ভাষাৰে সমালোচনা কৰিছিল।‘ এনেদৰে আক্ষেপ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য্যই।

তেওঁ লগতে উল্লেখ কৰে যে কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁলোকৰ নেতৃত্বক কঠোৰ ভাষাৰে সমালোচনা কৰা হৈছিল যদিও বিজেপি চৰকাৰৰ দৰে প্ৰতিশোধমূলক পন্থা তেওঁলোকে লোৱা নাছিল।