NORTHEAST NOW (Assamese)
অসম

নাম্বাৰপাৰাত কৃতি শিক্ষক শুকুৰ মামুদক বিভিন্ন দল-সংগঠনৰ সম্বৰ্ধনা

Posted by: ইয়াছিন আলী September 21, 2018 8:57 am
IMG-20180921-WA0019

বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত মধ্যনাম্বাৰপাৰা প্ৰাথমিক বিদ্যালয়ৰ এজন কৃতি শিক্ষকক বৃহস্পতিবাৰে অঞ্চলটোৰ স্থানীয় দল-সংগঠনৰ লগতে বিভিন্নজনে সম্বৰ্ধনা জনায়।

জানিব পৰা মতে কালি দুপৰীয়া অৱসৰপ্ৰাপ্ত শিক্ষক মতিয়াৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত সভাত কৃতি শিক্ষক বঁটা লাভ কৰা শুকুৰ মামুদক বিভিন্ন দল-সংগঠনৰ নেতৃবৃন্দৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

সভাত ছি আৰ ছি ক্ৰমে গোলজাৰ হুছেইন, ছাইফুল ইছলাম আৰু প্ৰবক্তা আবুল কালাম আজাদ, কোকিলা প্ৰেছ ক্লাবৰ সভাপতি মকিবুল ইছলাম আৰু সম্পাদক ৰফিকুল ইছলামে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰসংগত শিক্ষকগৰাকীক প্ৰশংসা কৰাৰ লগতে শুভেচ্ছাও প্ৰদান কৰা দেখা যায়।

আনহাতে সভাত উপস্থিত থকা ছাত্ৰ-ছাত্ৰী তথা সকলো শিক্ষককে কৃতি শিক্ষক শুকুৰ মামুদৰ আদৰ্শ অনুকৰণ কৰিবলৈ ছি আৰ ছি গোলজাৰ হুছেইনে অনুৰোধ জনায়।