NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা ৪০ লাখৰ কি হ’ব?

Posted by: এন ই নাও নিউজ July 30, 2018 6:41 pm
NRC

অসমবাসীৰ বহু প্ৰতীক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ পূৰ্ণাংগ তথা চূড়ান্ত খচৰা আজি প্ৰকাশ পালে। এই খচৰাত ২ কোটি ৮৯ লাখ ৮৩ হাজাৰ ৬৭৭ জন লোকৰ নাম অন্তৰ্ভুক্ত হৈছে।

আনহাতে এই খচৰাৰ পৰা বাদ পৰিছে মুঠ ৪০ লাখ ৭ হাজাৰ ৭০৭ জনৰ নাম। ইয়াৰ ভিতৰত ২ লাখ ৪৮ হাজাৰ আছে ডি-ভোটাৰ।

মন কৰিব লগীয়া যে এন আৰ চিৰ পূৰ্ণাংগ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ ৭ হাজাৰ ৭০৭ জনে পুনৰ আৱেদন কৰিব পাৰিব বুলি এন আৰ চি কৰ্তৃপক্ষই স্পষ্টভাৱে জনাই আহিছে। লগতে দাবী, আপত্তি, সংশোধনৰ বাবেও আৱেদন কৰিব পাৰিব।

এন আৰ চি কৰ্তৃপক্ষই জনোৱা মতে দাবী, আপত্তি, সংশোধনীৰ বাবে আৱেদনপত্ৰ ৭ আগষ্টৰ পৰা এন আৰ চি সেৱা কেন্দ্ৰ আৰু ৱেবছাইটত উপলব্ধ হ’ব। আৰু এই আৱেদন পত্ৰ www.nrcassam.nic.in তো লাভ কৰিব। আনহাতে ৩০ আগষ্টৰ পৰা ২৮ ছেপ্টেম্বৰলৈকে এইবোৰ আৱেদনপত্ৰ পূৰাই জমা দিব পাৰিব।

এই আৱেদন পত্ৰ সমূহ আৱেদনকাৰী সকলে নিৰ্দিষ্ট এন আৰ চি সেৱা কেন্দ্ৰত জমা দিব লাগিব। আৰু এই দাবী, আপত্তি সংশোধনৰ পিছতহে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি চূড়ান্ত এন আৰ চি প্ৰকাশ কৰা হ’ব বুলি এন আৰ চি কৰ্তৃপক্ষই জনাইছে।