NORTHEAST NOW (Assamese)
অসম

সমগ্ৰ বিশ্বনাথত চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এখন বিদ্যালয়; কি আছে এই ব্যতিক্ৰমী বিদ্যালয়খনত?

Posted by: কাজি জেইদুল ইছলাম, বিশ্বনাথ Updated by: কাজি জেইদুল ইছলাম, বিশ্বনাথ December 9, 2021 2:07 pm
biswanath special school

বিশ্বনাথৰ এখন ব্যতিক্ৰমী বিদ্যালয়। যি বিদ্যালয়খনৰ সৌন্দৰ্য্য‌ই আকৰ্ষিত কৰিছে বিধায়কসহ জিলা উপায়ুক্তক। কাৰণ ছাত্ৰ-ছাত্ৰীৰ বাবে বিদ্যালয় খনত আছে বিশেষ সুবিধা।

১৯৫৭ চনত স্থাপন হোৱা এই বিদ্যালয় খন হৈছে বিশ্বনাথৰ দলংগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়। ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পাঠদানৰ সুবিধা থকা বিদ্যালয়খনত আছে ১১০০ জন ছাত্ৰ-ছাত্ৰী আৰু ২২গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী।

যি সময়ত চৰকাৰী বিদ্যালয়ে শিক্ষা প্ৰদানৰ দিশত অৱহেলা কৰাৰ কথা অভিযোগ উত্থাপন হয় লগতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়মুখী ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হয় সেই সময়ত এই বিদ্যালয়খনে ভংগ কৰিছে এই অভিযোগ আৰু গঢ়িছে নতুন অভিলেখ।

নাম ভৰ্তিৰ বাবে ভিৰ লাগে এইখন চৰকাৰী বিদ্যালয়ত। ছাত্ৰ-ছাত্ৰীয়ে গঢ়ি তুলা ফুলনিৰ পৰা শিক্ষকৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে বিদ‌্যালয় দেৱাল। বিদ্যালয় অধ্যক্ষ নিৰঞ্জন শ‌ইকীয়াৰ ৰাজহুৱা ঘোষণা ভাল স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰিব বিশেষ উপহাৰ।

মিউজিয়াম, পুথিভঁৰালকে আদি কৰি বহু আকৰ্ষণীয় পদক্ষেপৰ মাজেৰে গঢ়ি উঠা বিদ্যালয়খনত এতিয়া পদাৰ্পণ ঘটিছে সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ লগতে বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মূদৈ সহ  বহু কেইজন শিক্ষা বিষয়াৰ।

বিষয়া কেইগৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰে আৰু বিদ্যালয়খনৰ আন্তঃগাথঁনি দেখি অভিভূত হৈ পৰে বিধায়কসহ উপায়ুক্তগৰাকী।

তদুপৰি, বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা ক্ৰীড়া বিষয়া খনিন্দ্ৰ মূদৈ আৰু বহু কেইজন শিক্ষা বিষয়াৰ উপস্থিতিত  মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ খেলপথাৰৰ সৰ্বাংগীন উন্নয়ন সাধনৰ বাবে ২০ লাখ টকাৰ ব্যয় সাপেক্ষে এক নিৰ্মাণ কাৰ্য্যৰ আধাৰ শিলাও স্থাপন কৰা হয় ।