NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ; অংশ ল’লে কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেলে

Posted by: অনিৰ্বাণ পাঠক June 21, 2018 9:12 am

কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু কেন্দ্ৰীয় সশস্ৰ পুলিচ বলৰ উদ্যোগত আৰু “ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ”, “পতঞ্জলি যোগ পীঠ”, “আৰ্ট অৱ লিভিং” তথা “ভাৰতীয় প্ৰাকৃতিক চিকিৎসা আৰু যোগ সংস্থা”ৰ সহযোগত গুৱাহাটীৰ ভৰলুমুখস্থিত সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস অনুষ্ঠিত হয়।

প্ৰায় পাঁচ শতাধিক লোকৰ অংশ গ্ৰহণেৰে পুৱা ৬.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰী বিজয় গোৱেল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, জিলা উপায়ুক্ত বিৰেন্দ্ৰ মিট্টাল আৰু গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া উপস্থিত থাকে।

অনুষ্ঠানত অংশলৈ বিজয় গোৱেলে কয়, “যোগ এতিয়া কেৱল হিন্দুস্তানতে সীমাবদ্ধ থকা নাই, এতিয়া বিশ্বব্যপি যোগৰ চৰ্চা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোগক সমগ্ৰ বিশ্বলৈ সম্প্ৰসাৰিত কৰাৰ যি প্ৰয়াস কৰিলে ইয়াৰ দ্বাৰা তেওঁ এক সংস্কাৰ দিলে”।

যোগ কোনো ধৰ্মৰ লগত জড়িত নহয় বুলি উল্লেখ কৰি তেওঁ যোগক মানুহৰ জীৱনৰ এক অংশ কৰি ল’বলৈ আহ্বান জনায়। ভাষনৰ আৰম্ভনীতে তেওঁ শংকৰদেৱৰ জন্মস্থানত এনে কাৰ্যসূচীত অংশ গ্ৰহন কৰিবলৈ পাই সন্তুষ্টি ব্যক্ত কৰে।

পুৱা প্ৰায় ৭.৪৫ বজাত যোগ দিৱস কাৰ্যসূচীৰ সামৰণি পৰে।