NORTHEAST NOW (Assamese)
অসম

জানুৱাৰি ১৮ তাৰিখৰ পৰা আৰম্ভ হ’ব আদিবাসী মহাসভা

Posted by: চাজিদ খান January 10, 2018 7:08 pm
আয়োজনস্থলী

১৫সংখ্যক আদিবাসী মহাসভা ২০১৮ৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে আয়োজক গোষ্ঠীয়ে। জানুৱাৰি ১৮ তাৰিখৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি জিলাৰ খোখাবস্তিস্থিত আবা জাষ্টিন লাক্ৰা ক্ষেত্ৰত অনুষ্ঠিত হ’ব এই মহাসভা।

সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদোগত ওদালগুৰি জিলা কমিতিৰ সহযোগত মহাসভাখনৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে। মহাসভাখন সফলতাৰে সম্পন্ন কৰাৰ বাবে টংলা আঞ্চলিক আৰু হৰিশিঙা আঞ্চলিকে পূৰ্ণ সহযোগিতা আগবঢ়াব ওদালগুৰি জিলা কমিতিক।

 

আয়োজক সমিতিৰ সহ.সম্পাদক সুৰেশ লমগাই আমাক জানিবলৈ দিয়া অনুসৰি মহাসভাখনত অসমৰ সকলো প্ৰান্তৰ পৰা মুঠ ৩০০০ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। মহাসভাখনত সাংস্কৃতিক কাৰ্যসূচী, অধ্যয়ন চক্ৰৰ লগতে বিভিন্ন ধৰণৰ প্ৰদৰ্শণীৰো ব্যৱস্থা কৰা বুলি জানিবলৈ দিয়ে।

মহাসভাখন সাফল্য মণ্ডিত কৰি তোলাৰ বাবে অসম চৰকাৰৰ খাদ্য তথা অসামৰিক যোগান মন্ত্ৰী ৰিহন দৈমাৰীক সভাপতি, প্ৰদীপ নাগক কাৰ্যকৰী সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ শান্তিয়াছ কুজুৰক সম্পাদক হিচাপে লৈ এখন সুন্দৰ আহ্বায়ক সমিতি গঠন কৰা হৈছে।

উল্লেখযোগ্য যে আদিবাসী সম্প্ৰদায়ৰ লোকসকলৰ শিক্ষা, ৰাজনৈতিৰ অধিকাৰ, ভূমি পট্টা আৰু অনুসূচিত জনজাতি আদি বিষয়কেইটা সুৰক্ষা কৰাৰ স্বাৰ্থত এই মহাসভাখনৰ আয়োজন কৰা হোৱা বুলি জনায়। আদিবাসী মহাসভাখনৰ শেষৰ কাৰ্যসূচীত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, প্ৰাক্তন মন্ত্ৰী পৱন সিঙ ঘাটোৱাৰ, আটুৱা মুণ্ডাৰ লগতে আদিবাসী সম্প্ৰদায়ৰ বহু বিশিষ্টলোক উপস্থিত থাকিব। ইয়াৰ উপৰি মহোৎসৱখনত প্ৰায় ৫০হাজাৰ লোক সমবেত হ’ব বুলি আয়োজকে আশা প্ৰকাশ কৰিছে।