NORTHEAST NOW (Assamese)
অসম

ধুবৰীৰ আলমগঞ্জত আটক এজন বাংলাদেশী নাগৰিক

Posted by: এন ই নাও নিউজ April 29, 2018 2:45 pm
c6bff129-2a5a-4b56-8490-896f4a9a114f

ধুবুৰী জিলাৰ গৌৰীপুৰৰ অন্তৰ্গত আলমগঞ্জত শনিবাৰে নিশা এজন বাংলাদেশী নাগৰিকক আটক কৰা হয়। নিশা গৌৰীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত অষ্টমীৰ চৰ ঝৰণাৰপাৰ গাঁও ৰক্ষী বাহিনীৰ সহযোগত আৰক্ষীয়ে ছহিদুল ইছলাম নামৰ বাংলাদেশী নাগৰিকজনক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, বাংলাদেশৰ কৰিগ্ৰাম জিলাৰ বাসিন্দা ছহিদুল ইছলাম নামৰ যুৱক জন প্ৰায় ৬ বছৰ পূৰ্বে পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ দিনহাটা সীমান্তৰে ভাৰতত প্ৰৱেশ কৰিছিল।

ভাৰতত প্ৰৱেশ কৰাৰ পিছত ছহিদুলে হাৰিয়ানাৰ এটা ইটা ভাটাত কাম কৰি আছিল। বৰ্তমান বাংলাদেশী নাগৰিক ছহিদুল ইছলামক আৰক্ষীয়ে জেৰা কৰি আছে। অৱশ্যে,তেওঁৰ পৰা কিবা নথি-পত্ৰ উদ্ধাৰ হৈছেনে নে নাই সেই কথা জানিব পৰা হোৱা নাই।

ধুবুৰীৰ বাংলাদেশ সীমান্তৰে এইদৰে বিগত সময়ত বাংলাদেশী লোক ভাৰতত প্ৰৱেশ কৰি দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ বসবাস কৰি আছে। তদুপৰি, ধুবুৰীৰ বাংলাদেশ সীমান্তৰে গৰুৰ চোৰাং বেহাৰ লগতে বিভিন্ন সামগ্ৰী অবৈধভাৱে সৰবৰাহ হৈ থকাৰ বাতৰি প্ৰায়েই পোৱা যায়।

শেহতীয়াকৈ ভাৰত-বাংলা সীমান্তত সুৰক্ষা বাহিনীৰ তহল বৃদ্ধি পোৱাৰ বাবে চোৰাং কাৰবাৰ কিছু পৰিমানে হ্ৰাস পাইছে যদিও এতিয়াও চোৰাং কাৰবাৰীসকল সক্ৰিয় হৈ আছে আৰু সুযোগৰ সন্ধানত আছে বুলি চোৰাংচোৱা সূত্ৰৰ পৰা জানিব পৰা যায়।