NORTHEAST NOW (Assamese)
অসম

ধূলালৈ ঘূৰি আহিছে স্বাভাৱিক পৰিৱেশ, সান্ধ্য আইন বাতিল, আৰম্ভ প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ

Posted by: ময়ূখ গোস্বামী January 12, 2018 7:23 pm
ধূলা কাণ্ড

যোৱা ১০ জানুৱাৰিৰ পৰা উত্তপ্ত হৈ থকা দৰং জিলাৰ ধূলালৈ স্বাভাৱিক পৰিৱেশ ঘূৰি আহিছে। জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে এক নিৰ্দেশযোগে আজি ৰাতিপুৱাৰ পৰা অঞ্চলটোৰ সান্ধ্য আইন বাতিল কৰিছে। উল্লেখযোগ্য যে কালিও বিয়লি তিনি ঘণ্টাৰ বাবে সান্ধ্য আইন শিথিল কৰি দিয়া হৈছিল।

আনহাতে জিলা উপায়ুক্তৰ নিৰ্দেশত তদন্ত চলাই থকা অতিৰিক্ত জিলা দণ্ডাধীশ নৰনাৰায়ণ নাথে আজি পুৱা ১০-৩০ বজাৰ পৰা দুপৰীয়া ১-৩০ বজালৈকে ধূলাৰ পূব মংগলদৈ উন্নয়ন খণ্ড চৌহদত ধূলা কাণ্ডৰ প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰে।

বিভাগীয় জাননী মতে এই সন্দৰ্ভত দৰং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত অহা ১৬ ৰ পৰা ১৯ জানুৱাৰিলৈকে পুৱা ১০-৩০ বজাৰ পৰা দুপৰীয়া ১-৩০ বজালৈকে পৰৱৰ্তী সাক্ষ্য সমূহ গ্ৰহণ কৰা হ’ব। শাৰীৰিকভাৱে উপস্থিত থাকিবলৈ অসমৰ্থ, সাক্ষ্য দানৰ বাবে আগ্ৰহী প্ৰত্যক্ষদৰ্শীয়ে ওপৰত উল্লেখ কৰা স্থান আৰু সময়ত তেওঁলোকৰ সাক্ষ্য দণ্ডাধীশৰ হাতত লিখিতভাৱে জমা দিব পাৰিব।

আজি ধূলাৰ দোকান-পোহাৰ খোলা থাকে।