NORTHEAST NOW (Assamese)
উত্তৰ-পূব

ধৰ্মনগৰত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে শ্ৰমিক সন্মিলনৰ আয়োজন যুৱ কংগ্ৰেছৰ

Posted by: পান্না ঘোষ July 17, 2018 7:38 pm
youth-congress-570x320

আজি ধৰ্মনগৰ যুৱ কংগ্ৰেছে স্থানীয় কংগ্ৰেছ ভৱনত এখন শ্ৰমিক সন্মিলনৰ আয়োজন কৰে। এই সন্মিলনৰ ঠিক পাছতেই  ধৰ্মনগৰ চহৰৰ ৰাজপথত এটা বৃহৎ সমদল বাহিৰ কৰা হয়।

এই সমদলটো ‘ভাৰত বাচাও আন্দোলন’ৰ বেনাৰত বাহিৰ কৰা হৈছে।

সদৌ ভাৰত যুৱ কংগ্ৰেছৰ সম্পাদক স্মৃতি ৰঞ্জন লাম্বা, প্ৰদেশ কংগ্ৰেছৰ মুখ্য বীৰজিত সিনহা, পৰিমল পাল, নিৰূপম দেব আৰু অন্যন্য ভালেমান ব্যক্তি অনুষ্ঠানত উপস্থিত আছিল।

যুৱ কংগ্ৰেছৰ সঁজাতী দলটোৱে অভিযোগ কৰিছে যে বিজেপি শাসনলৈ অহাৰ পাছত ত্ৰিপুৰাৰ লোকসকলৰ বাবে নিয়োগৰ কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। যুৱ কংগ্ৰেছৰ নেতাসকলৰ মতে বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰখনে নিৰ্বাচনৰ সময়ত ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে।

যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আৰু অভিযোগ কৰে যে বিজেপিয়ে তেওঁলোকৰ নেতৃত্বাধীন চৰকাৰৰ প্ৰতি বীতশ্ৰদ্ধ হোৱা সকলৰ কণ্ঠ ৰোধ কৰিছে আৰু ইয়াৰ প্ৰতিবাদত যুৱ কংগ্ৰেছে বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। যুৱ কংগ্ৰেছৰ নেতাসকলে আৰু অভিযোগ কৰে যে বিজেপি চৰকাৰে উচিৎ পথেৰে শাসন কাৰ্য পৰিচালনা কৰাত ব্যৰ্থ হোৱা হেতুকে কৃষকসকল উদ্বাস্তু হৈছে, মহিলাসকল নিৰাপত্তাহীনতাত ভুগিছে, যুৱচাম আৰু ছাত্ৰ-ছাত্ৰীসকলৰ ভাগ্য অনিশ্চিত হৈ পৰিছে।