NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ সংসদীয় নিৰ্বাচন কমিটিৰ নতুন সভাপতি নিযুক্ত

Posted by: এন ই নাও নিউজ December 29, 2017 10:08 pm

কেন্দ্ৰীয় চৰকাৰে বহুচৰ্চিত তথা বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ ৰ সংসদীয় নিৰ্বাচন কমিটিৰ নতুন সভাপতি নিযুক্তি দিছে। বিধেয়কখন দীৰ্ঘদিন ধৰি স্থগিত ৰখাৰ পিছত চৰকাৰে হঠাতে সংসদীয় নিৰ্বাচন কমিটিৰ এজন নতুন সভাপতি দিয়াটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

চৰকাৰে যোৱা ২৭ ডিচেম্বৰত মীৰাট লোকসভা সমষ্টিৰ সাংসদ ৰাজেন্দ্ৰ আগৰৱালক উক্ত কমিটিখনৰ সভাপতি হিচাপে নিযুক্তি দিছে। ইয়াৰ পূৰ্বে কমিটিখনৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল সত্যপাল সিঙক। কিন্তু তেওঁ কেন্দ্ৰীয় চৰকাৰত মন্ত্ৰিত্ব লাভ কৰাৰ বাবে উক্ত পদটো ত্যাগ কৰিছিল আৰু তেতিয়াৰ পৰা এই পদটো খালী আছিল।

উল্লেখযোগ্য যে অসমৰ বিজেপিৰ সাংসদ ৰমেন ডেকা আৰু কংগ্ৰেছী সাংসদ সুস্মিতা দেবো উক্ত নিৰ্বাচন কমিটিখনৰ সদস্য হিচাপে আছে।

সূত্ৰসমূহৰ মতে অহা বুধবাৰে এই কমিটিৰ এখন বৈঠক অনুষ্ঠিত হ’ব আৰু ইয়াৰ পিছতে কমিটিখনে অসমৰ মানুহৰ মত ল’বলৈ অসম ভ্ৰমণ কৰাৰ কথা।

‘নিৰ্বাচন কমিটিৰ সদস্যসকলে অসম ভ্ৰমণ কৰিব আৰু অসমৰ ভিন্ন জনসষ্টিৰ পৰা মতামত গ্ৰহণ কৰিব’, এটা সূত্ৰই এইদৰে কয়। বিধেয়কখন সংসদৰ আগন্তুক বাজেট অধিৱেশনৰ সময়ত উত্থাপন হোৱাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে নাগৰিকত্ব আইন, ১৯৫৫ৰ গুৰুত্বপূৰ্ণ সালসলনি কৰিবৰ উদ্দেশ্য লৈ কেন্দ্ৰই নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ খন যোৱা ২০১৬ চনৰ জুলাইত প্ৰস্তাৱ কৰিছিল। ইয়াৰ পোনপটীয়া উদ্দেশ্য হৈছে বাংলাদেশ, পাকিস্তান তথা আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টানসকলক নাগৰিকত্ব প্ৰদান কৰাৰ বাট মোকলোৱা।

এইখিনিতে ক’ব পাৰি যে এই প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ ৰাজনৈতিক তথা সামাজিক ক্ষেত্ৰত প্ৰচুৰ আলোড়নৰ সৃষ্টি কৰিছে। কৃষকমুক্তি, আছু, সচেতন নাগৰিক সমাজৰ লগতে ৰাজ্যখনত বিজেপিৰ মিত্ৰ দল হিচাপে চৰকাৰত অংশগ্ৰহণ কৰি থকা অগপ দলেও বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰিছে। অসমৰ জনসাধাৰণৰ মূল শংকাটো হ’ল যে এই বিধেয়কে ৰাজ্যখনত থকা লাখ লাখ হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত পৰিণত কৰিলে ৰাতিটোৰ ভিতৰতে খিলঞ্জীয়া লোক সংখ্যালঘুত পৰিণত হ’ব।