NORTHEAST NOW (Assamese)
অসম

সোণৰ চোৰাং কাৰবাৰীৰে সম্পৰ্ক থকাৰ অপৰাধত ইণ্ডিগ’ এয়াৰলাইনছৰ এজন উচ্চ স্তৰীয় বিষয়াক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ December 29, 2017 10:34 pm

আজিৰ এটা ঘটনাত ডিৰেক্টৰেইট অব ৰেভিনিউ ইণ্টেলিজেন্সৰ (ডি আৰ আই) এটা দলে বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দেশৰ আগ শাৰীৰ বিমান পৰিবহণ সংস্থা ইণ্ডিগ’ এয়াৰলাইনছৰ এজন উচ্চ স্তৰীয় বিষয়াক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা বিষয়াজনৰ নাম ৰাজীৱ মেধি আৰু তেওঁ বিমান কোম্পানীটোৰ জ্যেষ্ঠ বন্দৰ পৰিচালক (senior airport manager)।

কেইদিন মান পূৰ্বে ডি আৰ আয়ে বিমানবন্দৰটোত সোণৰ চোৰাং কাৰবাৰৰ এটা চক্ৰক উৎখাত কৰা ঘটনাৰ পিছতে এই গ্ৰেপ্তাৰৰ ঘটনাটো ঘটে। উক্ত চক্ৰটোক উৎখাত কৰাৰ পিছতে সোণৰ চোৰাং কাৰবাৰত ডি আৰ আয়ে বিমান বন্দৰটোত কৰ্মৰত কোনো বিষয়া-কৰ্মী জড়িত থকাৰ সন্দেহ কৰিছিল। ডি আৰ আইৰ সূত্ৰমতে অভিযানটোৰ অংশ স্বৰূপে যোৱা ২১ ডিচেম্বৰত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

ইয়াৰে এজন বিজয় কুমাৰ শৰ্মাক গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত ২.৬৫ কিলোগ্ৰাম সোণৰ সৈতে আৰু আনজন চনোৱৰলাল শৰ্মাক দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছিল। চনোৱৰলাল শৰ্মাই ২.৪৮ কেজি ওজনৰ সোণ লৈ গুৱাহাটীৰ পৰা গৈছিল। দুয়োজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰাৰ পিছত ন্যায়িক জিম্মাত ৰখা হৈছে।

এই চোৰাং কাৰবাৰক উৎখাত কৰিবৰ বাবে কৰা অধিক অনুসন্ধানৰ পথত ইণ্ডিগ’ এয়াৰলাইনছৰ ছজন নিৰাপত্তাকৰ্মীৰ ভাষ্য গ্ৰহণ কৰা হৈছিল। এওঁলোকৰ আটায়ে স্বীকাৰ কৰে যে বিমান পৰিবহণ সংস্থাটোৰ জ্যেষ্ঠ বন্দৰ পৰিচালক (senior airport manager) ৰাজীৱ মেধিয়ে তেওঁলোকক সোণ কঢ়িয়াই নিয়া বেগকেইটা নিৰীক্ষণৰ সময়ত পাৰ কৰি দিবলৈ কৈছিল। এইটো কেৱল যোৱা ২১ ডিচেম্বৰতে নহয়, পূৰ্বতেও কেইবাবাৰ কৰিছিল। ডি আৰ আইৰ এক সূত্ৰই এইদৰে কয়।

আনহাতে ঘটনাটোৰ এজন অভিযুক্ত বিজয় কুমাৰ শৰ্মায়ো মেধিৰ ভূমিকাৰ কথা স্বীকাৰ কৰিছিল। অভিযোগমতে টালি-টোপোলা ইণ্ডিগ’ৰ এক্স-ৰেই কৰা মেচিনত সোণৰ টুকুৰাবোৰ ধৰা পৰাৰ পিছতো বেগবোৰ পাৰ হ’বলৈ দিয়া হৈছিল।

তদন্তৰ সময়ত এইটোও পোহৰলৈ আহিছে যে মেধিৰ এই সোণৰ চোৰাং কাৰাবাৰী চক্ৰটোৰ আন কেইবাজনৰ সৈতেও সম্পৰ্ক আছে।