NORTHEAST NOW (Assamese)
অসম

প্ৰতিবাদকাৰী নিহত হোৱা ঘটনাৰ বাবে দৰঙৰ উপায়ুক্তই ঘোষণা কৰিলে তদন্ত

Posted by: ময়ুখ গোস্বামী January 10, 2018 5:36 pm
প্ৰতিবাদকাৰীৰ থানা ঘেৰাও

দৰং জিলাৰ ধুলা অঞ্চলত সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশৰ পিছত আৰক্ষীৰ গুলীত এজন লোক নিহত হোৱাৰ লগতে দুজনলোক আহত হৈছিল। এই ঘটনা সংঘটিত হোৱাৰ ঠিক পিছতে জিলা উপায়ুক্ত অশোক কুমাক বৰ্মনে ঘটনা সন্দৰ্ভত মেজিস্ট্ৰেট পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰিছে। উপায়ুক্তগৰাকীয়ে এই কথা ঘোষণা কৰি কয় যে অতিৰিক্ত উপায়ুক্তই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিব আৰু পোন্ধৰ দিনৰ ভিতৰত এখন প্ৰতিবেদন দাখিল কৰিব।

উল্লেখযোগ্য যে দৰং জিলাৰ আৰক্ষী জিম্মাত এজন শ্ৰমিকৰ মৃত্যক কেন্দ্ৰ কৰি জিলাখনৰ ধুলাত আজি এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। উত্তেজিত ৰাইজে ধুলা আৰক্ষী থানা ঘেৰাও কৰি লাহে লাহে থানাত আক্ৰমণ কৰা বাতৰিও লাভ কৰা গৈছিল। পিছত পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লোৱাত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ লয়। আৰু শেহতীয়াকৈ আমালৈ অহা খবৰ অনুসৰি এই গুলীচালনাত এজন লোকে প্ৰাণ হেৰুৱাইছে। মৃত লোকজন ময়দুল ইছলাম(২৮)বুলি জানিব পৰা গৈছে। আনহাতে উক্ত গুলীচালনাতে মুস্তাফা আলি(৪০) আৰু গুল ৰেহেনা(১৮) নামৰ লোকদুজন গুৰুতৰ ভাবে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।

ইয়াৰ উপৰি ঘটনা সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী বিভাগে তৎকালীনভাৱে কাৰ্য্যকৰী হোৱাকৈ থানাখনৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাক নিলম্বন কৰিছে।