NORTHEAST NOW (Assamese)
অসম

পৰেশ বৰুৱাৰ সকীয়নি : অসমীয়া লিপিৰ স্বকীয় পৰিচয় প্ৰতিষ্ঠাৰ বাট বন্ধ নকৰিব

Posted by: এন ই নাও নিউজ June 22, 2018 10:15 pm
Paresh_Baruah-1-570x320

লণ্ডনত অনুষ্ঠিত আই এছ অ’ৰ বিশেষ গোটৰ বৈঠকত আই অ’ এছ আৰু য়ুনিক’ড কনছ’ৰ্টিয়ামত অসমীয়া লিপিৰ পৰিচয় বেংগালী-অসমীয়া কৰা হওক বুলি য়ুনিক’ড কনছ’ৰ্টিয়ামে দিয়া প্ৰস্তাৱত অসমৰ প্ৰতিনিধিকেইজনে সন্মতি দিয়া বুলি যি খবৰ প্ৰচাৰ হৈ আছে তাক লৈ প্ৰতিক্ৰিয়া হৈছে অসমত। বিভিন্নজনে অসমৰ প্ৰতিনিধিকেইজনৰ স্থিতিক লৈ বিভিন্ন মত দিয়াৰ লগতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্য্যয়ো।

আলফা (স্বাঃ)ৰ প্ৰধান পৰেশ বৰুৱাই আজি সংবাদ মাধ্যমলৈ কৰা টেলিফোনত নিজৰ প্ৰতিক্ৰিয়া দি কয় যে অসমীয়া লিপিক বাংলা-অসমীয়া লিপি কৰাটো কেতিয়াও মানি ল’ব নোৱাৰি। আৰু এইটো মানি লোৱা অসমীয়া প্ৰতিনিধিকেইজনক অসমীয়া মানুহে কেতিয়াও ক্ষমা নকৰিব। লগতে তেওঁ প্ৰতিনিধিকেইজনে এই প্ৰস্তাৱত সন্মতি দি অসমীয়া লিপিক স্বকীয়তাৰে প্ৰতিষ্ঠা কৰাৰ বাট বন্ধ কৰি থৈ আহিলে বিষম পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি সকীয়াই দিয়ে। তেওঁ কয়, য়ুনিক’ডে অসমীয়া লিপিৰ স্বকীয়তা মানি ল’বই লাগিব।

আনহাতে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই এই কথাটোত অসন্তুষ্টি প্ৰকাশ কৰি কয়, “আমি এই সিদ্ধান্ত মানি নলওঁ। অসমীয়া লিপিৰ বাবে আমাক সুকীয়া ক’ড চাৰ্ট লাগিবই।”

তেওঁ লগতে কয়, “আমি ইমান দিন ধৰি অসমীয়া লিপিৰ সুকীয়া ক’ড চাৰ্টৰ বাবে দাবী জনাই আহিছো।”

ভট্টাচাৰ্য্যই এই ক্ষেত্ৰত বিশেষজ্ঞসকলক অসমীয়া লিপিৰ বাবে সুকীয়া তালিকা আৰু য়ুনিক’ড মানৰ বাবে কাম কৰি যাবলৈ আহ্বান জনাইছে।

মন কৰিব লগীয়া যে লণ্ডনত আজি সমাপ্ত হোৱা আই এছ অ’ৰ বিশেষ গোটৰ বৈঠকৰ সিদ্ধান্তক লৈ গোটেই ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই বৈঠকত অসমীয়া লিপি য়ুনিক’ড কনছ’ৰ্টিয়ামত সুকীয়া slot ৰ পৰিৱৰ্তে বেংগালী লিপিৰ সৈতে একেখন চাৰ্টত Bengali-Assamese বুলি থাকিব বুলি প্ৰস্তাৱ লোৱা হ’ল আৰু সেই প্ৰস্তাৱত অসমৰ প্ৰতিনিধিকেইজন সন্মত হ’ল বুলি খবৰ ওলাইছিল।