NORTHEAST NOW (Assamese)
অসম

সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত জগন্নাথ বায়নক সম্বৰ্ধনা বৰপেটা জিলা উপায়ুক্তৰ

Posted by: পুলেন্দ্ৰ দাস June 22, 2018 10:39 pm

ভাৰত চৰকাৰৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৰ্বোচ্চ স্বীকৃতি হিচাপে বিবেচিত সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত বৰপেটা সত্ৰৰ বৰবায়ন, ভীমাবায়ন বংশৰ জ্যেষ্ঠ বায়ন তথা সত্ৰভূষণউপাধিৰে বিভূষিত জগন্নাথ বায়নৰ বৰপেটা চহৰৰ কুজিদহাটীস্থিত বাসগৃহত উপস্থিত হৈ আজি বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে সত্ৰীয়া শিল্পীগৰাকীক সম্বৰ্দ্ধনা জনায়।

উল্লেখযোগ্য যে দিনৰ প্ৰায় দুই বজাত  শিল্পীগৰাকীৰ বাসগৃহত উপায়ুক্তগৰাকী উপস্থিত হৈ শিল্পীগৰাকীক এখন ফুলাম গামোচা, জাপি, মানপত্ৰ আৰু মিঠাইৰ টোপোলাৰে সম্বৰ্দ্ধনা জনায়। বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ উপস্থিতিত  সম্বৰ্দ্ধনা গ্ৰহণ কৰি নব্বৈৰ উৰ্ধ্বৰ সত্ৰীয়া শিল্পীগৰাকীয়ে কয় যে এই সন্মান লাভ কৰাত তেওঁ যথেষ্ট আনন্দিত।

লগতে সত্ৰীয়া ৰীতি-নীতি তথা পৰম্পৰাক ধৰি ৰখাৰ বাবে নতুন প্ৰজন্মৰ শিল্পীসকলক আহ্বান জনায় বিশিষ্ট সত্ৰীয়া শিল্পীগৰাকীয়ে।

আনহাতে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে সত্ৰীয়া শিল্পীগৰাকীক সম্বৰ্দ্ধনা জনাই কয় যে সত্ৰীয়া শিল্পীগৰাকীয়ে ২০১৭ বৰ্ষৰ সংগীত নাটক অকাডেমীৰ বাবে নিৰ্বাচিত হৈ অসমৰ লগতে সমগ্ৰ বৰপেটা জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। শিল্পীগৰাকীৰ এনে সাফল্যই এই দিশৰ লগত জড়িত শিল্পীসকলৰ বাবে আশাৰ ৰেঙনি বুলিও মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে।

বৰপেটা জিলাত কাম কৰিব পাই নিজে ধন্য হোৱা বুলি মন্তব্য কৰি উপায়ুক্তগৰাকীয়ে এই সন্দৰ্ভত কয় যে জিলাখনৰ পৰা দুগৰাকী  বিশিষ্ট ব্যক্তিয়ে ২০১৭ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ উপৰি এইবাৰৰ বিষ্ণুৰাভা বঁটা লাভ কৰিছে জিলাখনৰ সৰ্থেবাৰীৰ নামশলাৰ গুণেশ্বৰ ভূঞাই।

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই জগন্নাথ বায়নৰ ওপৰত সংক্ষিপ্ত বিৱৰণ আগবঢ়োৱাৰ লগতে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৰ দিব্যাংগ কন্যা গৰাকীক যিকোনো এটা সংস্থাপন দিয়াৰ বাবে উপায়ুক্ত গৰাকীক আহ্বান জনায়।

আনহাতে ২০১৭ বৰ্ষৰ সংগীত নাটক অকাডেমীৰ বাবে নিৰ্বাচিত আন এগৰাকী সাধক শিল্পী ৰামকৃষ্ণ তালুকদাৰ আৰু কলা নিৰ্দেশক, শিল্পী নুৰুদ্দিন আহমেদকো এই বঁটা প্ৰাপ্তিৰ বাবে ফোনযোগে অভিনন্দন জনোৱা বুলি উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে। অচিৰেই এই দুগৰাকী শিল্পীকো প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জনোৱা হব বুলি সদৰী কৰে উপায়ুক্ত থানেশ্বৰ মালাকাৰে।