NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰৰ টিফুক বাগানত শ্ৰমিকৰ বিদ্যুৎ বিল আত্মসাৎ মেনেজাৰৰ; চাহ শ্ৰমিক মুক্তিৰ প্ৰতিবাদ

Posted by: ৰাজীৱ দত্ত June 22, 2018 10:44 pm
শিৱসাগৰৰ টিফুক বাগানত শ্ৰমিকৰ বিদ্যুৎ বিল আত্মসাৎ মেনেজাৰৰ; চাহ শ্ৰমিক মুক্তিৰ প্ৰতিবাদ

শিৱসাগৰ জিলাৰ আমগুৰিৰ টিফুক চাহ বাগিচাৰ মেনেজাৰৰ বিৰুদ্ধে আজি ২২ জুনত চাহ শ্ৰমিক  মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত দুশতকৈও অধিক শ্ৰমিক পৰিয়ালে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

অভিযোগ অনুসৰি মেনেজাৰে শ্ৰমিক পৰিয়ালসমূহৰপৰা মাহে তিনিশৰ পৰা পাঁচশ টকা বৈদ্যুতিক বিল সংগ্ৰহ কৰিছিল। কিন্তু বিদ্যুৎ বিভাগক বিল পৰিশোধ নকৰি সেই বৃহৎ পৰিমাণৰ টকা আত্মসাৎ কৰি ওলোটাই শ্ৰমিকসকলৰ ঘৰত বিদ্যুৎ যোগান বন্ধ কৰি হাৰাশাস্তি কৰিছে।

যোৱা চাৰিটা মাহ ধৰি বাগিচাৰ মেনেজাৰে টিফুক বাগিচাৰ ৫০০ টা পৰিয়ালৰ বিদ্যুৎ কৰ্তন কৰিছে।

ৰাজহ চক্ৰ বিষয়াক শীঘ্ৰে বিষয়টোত হস্তক্ষেপ কৰি সমস্যাটো সমাধান কৰিবলৈ শ্ৰমিকসকলে দাবী জনাইছে।