NORTHEAST NOW (Assamese)
অসম

বকলীয়াঘাটত সংঘটিত পথ দুৰ্ঘটনাত নিহত ২ জনকৈ যুৱক

Posted by: এন ই নাও নিউজ June 2, 2018 10:57 pm

শুকুৰবাৰে নিশা বকলীয়াঘাট আৰক্ষী থানাৰ অন্তর্গত মির্দুপথাৰত সংঘটিত এক ভয়ংকৰ পথ দুর্ঘটনাত দুজন যুৱকে মৃত্যুক আঁকোৱালি লয়।

উল্লেখযোগ্য যে শুকুৰবাৰৰ নিশা প্রায় ১১.৩০ বজাত এএছ-০২-পি-৩৬৯৯ নম্বৰৰ এখন ৱার্ণা গাড়ীৰে এক বিবাহ অনুষ্ঠানৰ পৰা উভতি অহাৰ পথতে এই ভয়ংকৰ পথ দুর্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে তীব্রবেগত অহা গাড়ীখনে পথৰ দাঁতিত থকা গছত প্রচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত ঘটনাস্থলীতে দুই যুৱকৰে মৃত্যু হয়। প্ৰতক্ষ্যদৰ্শীয়ে জনোৱা অনুসৰি দুর্ঘটনাতো ইমানেই ভয়ংকৰ আছিল যে দুর্ঘটনাত পতিত হোৱা বাহনখন সম্পূর্ণৰূপে চূৰ্ণাকৃত হৈ পৰে।

আনহাতে নিহত যুৱক দুজন বকলীয়াঘাটৰ জয়দ্বীপ টেৰণ (২২) আৰু ৰাজু শইকীয়া (২৩) বুলি জানিব পৰা গৈছে।

ইফালে যুৱক দুজনৰ এনে আকস্মিক মৃত্যুত অঞ্চলটোত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।