NORTHEAST NOW (Assamese)
অসম

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মাজুলীৰ ভিতৰতে শ্ৰেষ্ঠ গৰাখহনীয়াই জুৰুলা কৰা পৰিয়ালৰ ৰশ্মিৰেখা

Posted by: মিটু খাটনিয়াৰ June 2, 2018 10:51 pm
RasmiRekha

সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফলত মাজুলী জিলাৰ ভিতৰত কলা শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে নামনি মাজুলী কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী ৰশ্মিৰেখা শইকীয়াই। নামনি মাজুলীৰ পমুৱা গাৱঁৰ যতীন শইকীয়া আৰু কল্পনা শইকীয়াৰ কন্যা ৰশ্মিৰেখাই অসমীয়াত ৯৭, শিক্ষাতত্বত ৯৬, অৰ্থনীতিত ৯০, ৰাজনীতি বিজ্ঞানত ৮৯,  ইংৰাজীত ৮৪ আৰু সমাজশাস্ত্ৰত ৮৪ নম্বৰেৰে মুঠ ৫৪০ নম্বৰ লাভ কৰিছে। তেওঁৰ শতকৰা নম্বৰ হ’ল

উল্লেখযোগ্য যে ৰশ্মিয়ে ২০১৬ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৰুণোদয় হাইস্কুলৰ পৰা অৱতীৰ্ণ হৈ ৮৭.৫ শতাংশ নম্বৰেৰে উত্তীৰ্ণ হৈছিল।

মন কৰিব লগীয়া যে ৰশ্মিৰেখাৰ পৰিয়ালটোৰ নিজাকৈ এটুকুৰা মাটিও নাই। গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা পৰিয়ালটোৱে নামনি মাজুলীৰ কাৰগিলত আনৰ মাটিতে বসবাস কৰাৰ লগতে দেউতাকে আনৰ মাটিতে পাচলি খেতি কৰি আৰু দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছে। অধ্যয়নৰ লগতে ৰশ্মিয়ে দেউতাকক খেতিপথাৰত সহায়ো কৰে।