NORTHEAST NOW (Assamese)
অসম

প্ৰেমিকাক বলাৎকাৰ আৰু প্ৰতাৰণাৰ অভিযোগত ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড ভণ্ড প্ৰেমিকক

Posted by: এন ই নাও নিউজ July 28, 2018 7:27 am
bars-pic-570x320

ওদালগুৰিৰ ছমু তপ্ন নামৰ এজন লোকক প্ৰেমিকাক যৌন আতিশয্য চলোৱাৰ লগতে প্ৰতাৰণা কৰাৰ অভিযোগত ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে।

‘দ্য টাইমছ অব ইণ্ডিয়া’ত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে ওদালগুৰি জিলাৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশে নিম্ন আদালতৰ ৰায় বাহাল ৰাখি এই ৰায় দান কৰিছে। সত্ৰ ন্যায়ালয়ে অতিৰিক্তভাৱে এই ভণ্ড প্ৰেমিক ছমুক ৫০০০ টকাৰ জৰিমনাও বিহিছে।  এই জৰিমনা অনাদায়ে ছমুৱে অতিৰিক্ত এবছৰ আৰু এমাহৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব বুলি ৰায়টোত উল্লেখ কৰা হৈছে।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ২০১৭ৰ জানুৱাৰিত বলাৎকাৰ বলি ১৯ বছৰীয়া কিশোৰীৰাকীয়ে অভিযুক্ত ছামুৰ বিৰুদ্ধে আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল। ইয়াৰ পূৰ্বে অভিযুক্ত ছামুৱে পানেৰীৰ এখন গাঁও সভাত অপৰাধ স্বীকাৰ কৰিছিল। ছামুৱে বলাৎকাৰীজনৰ দ্বাৰা সন্তানসম্ভৱা হোৱা সত্তেও তেওঁক বিয়া কৰাবলৈ অমান্তি হোৱাৰ পাছত নিৰ্যাতিতাগৰাকী আৰক্ষীৰ দ্বাৰস্থ হৈছিল।

এটা সূত্ৰত প্ৰকাশ, ‘‘নিৰ্যাতিতাগৰাকীয়ে কৈছে যে ২০১৫ৰ বৰদিনৰ দিনা কিশোৰীগৰাকীক অভিযুক্তই তেওঁৰ ঘৰলৈ মাতি নি বিবাহৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। অভিযুক্তই কিশোৰীগৰাকীক বিষয়টো কাৰো ওচৰত প্ৰকাশ নকৰিবলৈ ভয় দেখুওৱা হেতুকে তেওঁ কথাটো আনকি পিতৃ-মাতৃৰ ওচৰতো প্ৰকাশ কৰা নাছিল। কিন্তু তেওঁ সন্তানসম্ভৱা হোৱাৰ পাছত মাকক সকলো খুলি কয়। তাৰ পাছতেই গাঁৱত এখন বিচাৰসভা অনুষ্ঠিত হয় আৰু তাতে অভিযুক্তই সকলো দোষ স্বীকাৰ কৰে। কিন্তু অভিযুক্তই কিশোৰীগৰাকীক বিয়া কৰাবলৈ অমান্তি হ’য় আৰু তাৰ পাছত নিৰ্যাতিতাই অভযুক্তৰ বিৰুদ্ধে গোচৰ তৰে।’’

আদালতে ৰায়দান কৰাৰ লগতে পৰ্যৱেক্ষণ কৰে, ‘‘ সাম্প্ৰতিক ঘটনাটোত অভিযুক্তই নিৰ্যাতিতাগৰাকীক বিবাহৰ মিছা প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। এই কথা স্পষ্ট যে অভিযুক্তৰ নিৰ্যাতিতাগৰাকীক বিয়া কৰোঁৱাৰ কোনো অভিপ্ৰায় নাছিল, কেবল যৌন সম্পৰ্ক স্থাপন কৰাৰ বাবে তেওঁৰ পৰা সন্মতি আদায় কৰিছিল মাথোঁ।