NORTHEAST NOW (Assamese)
অসম

এন আৰ চিৰ খচৰা প্ৰকাশৰ পিছত অসমৰ পৰিৱেশ সলনি হ’ব : হিমন্ত বিশ্ব শর্মা

Posted by: এন ই নাও নিউজ July 28, 2018 7:22 am
27-07-18 Guwahati- Himanta Biswa pmt (2)

এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পিছত অসমৰ পৰিৱেশ সলনি হ’ব। এই মন্তব্য ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। শুকুৰবাৰে গুৱাহাটীত আয়োজন কৰা এখন সংবাদমেলত এই কথা ব্যক্ত কৰি মন্ত্ৰী শৰ্মাই কয় যে ‘এন আৰ চিক লৈ শংকা কৰিব নালাগে। চূড়ান্ত খচৰা প্ৰকাশ হ’লে ডিটেনশ্যন কেম্পলৈ যাব লাগিব বুলি কথা নাই।‘

বিত্তমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে এন আৰ চিৰ খচৰা প্ৰকাশ হোৱাৰ পিছতে পৰিৱেশ সলনি হ’ব। নিৰ্দিষ্ট নিয়মৰ ভিতৰত সকলোৱে আবেদন কৰিব পাৰিব। গতিকেই চিন্তাৰ কোনো কাৰণ নাই।

সংবাদমেলত ড০ শৰ্মাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱ নিযুক্ত তত্বাৱধায়ক হৰিশ ৰাৱট সম্পকৰ্তো মন্তব্য কৰে। বৃহস্পতিবাৰে ৰাৱাটে অসমত কংগ্ৰেছে আগন্তুক লোকসভা নিৰ্বাচনত ১৪ খন আসনৰ ভিতৰত ১১ খন আসন লাভ কৰিব বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে ৰাৱাটক কটাক্ষ কৰে।

মন্ত্ৰী শৰ্মাই মন্তব্য কৰে যে মাত্ৰ ছমাহ পূৰ্বে উত্তৰাখণ্ডত নিৰ্বাচনত হাৰি অহা ৰাৱাটে অসমত কংগ্ৰেছক কেনেকৈ জিকাব?