NORTHEAST NOW (Assamese)
অসম

বজালীত সঘন বিদ্যুৎ কৰ্তনত অতিষ্ঠ সৰ্বসাধাৰণ ৰাইজ

Posted by: শশাংক তালুকদাৰ July 21, 2018 10:17 am
PicsArt_07-21-08.46.35

বজালীত সঘন বিদ্যুৎ কৰ্তনৰ সমস্যাত অতিষ্ঠ হৈ  অসম বিদ্যুৎ বিতৰণ প্ৰাইভেট লিমিটেডৰ পাঠশালা কাৰ্যালয়ত শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হস্তিনাপুৰ আঞ্চলিক সমিতিয়ে এটা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদীসকলে বিদ্যুৎ বিভাগৰ এটা প্ৰতীকাত্মক শৱযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি বৰপেটা ডিভিজনৰ মুখ্য কাৰ্যবাহী অভিযন্তাৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে বিশেষকৈ ৰূপহী ফীডাৰৰ মান উন্নত কৰাৰ বাবে কৰ্তৃপক্ষৰ ওচৰত দাবী জনায়।

উল্লেখ্য যে একাংশ বিদ্যুৎ কৰ্মীয়ে দীৰ্ঘদিন ধৰি কৰ্তব্যত দেখুৱাই অহা হেমাহিৰ বাবে এই এলেকাৰ বাসিন্দাসকলে জীয়াতু ভুগি আহিছে প্ৰতিবাদীসকলে অভিযোগ কৰিছে।

দীৰ্ঘ সময় ধৰি বিদ্যুৎ কৰ্তন হৈ অহাৰ ফলত মানুহৰ দৈনন্দিন কাম-কাজত যথেষ্ট বিপত্তিৰ সৃষ্টি হৈ আহিছে। বিদ্যুতৰ অভাৱৰ বাবে অসহনীয় গৰমত কাতৰ হোৱা বহুতো লোক অসুখীয়া হৈ পৰিছে। তাৰ ভিতৰত আটাইতকৈ বেছিকৈ কষ্টত ভুগিছে বৃদ্ধ, অসুখীয়া আৰু শিশুসকলে। এলেকাটোত হোৱা সঘন বিদ্যুৎ কৰ্তনৰ বাবে ব্যৱসায়িক কাম-কাজ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

প্ৰতিবাদীসকলে ৰূপহী ফীডাৰটো ভাগ কৰাৰো দাবী তুলিছে। তেওঁলোকে দাবী জনাইছে যে হস্তিনাপুৰ, পুঠিমাৰী, শিঙিমাৰী, ওদালগুৰি, শিয়ালমাৰী আৰু হকাৰটুপ এলেকাকেইটাত এটা নতুন ফীডাৰ লাইনেৰে সংযোগ কৰাৰ দাবী তোলে।

প্ৰতিবাদীসকলে অতি পুৰণি হৈ পৰা ১১,০০০ ভল্টৰ তাঁৰসমূহ সলনি কৰিবলৈও দাবী জনায়। তাৰোপৰি নিয়ন্ত্ৰণ কক্ষৰ ফোনসমূহ ২৪ ঘণ্টাই সক্ৰিয় কৰি ৰখাৰ বাবে প্ৰতিবাদকাৰীসকলে দাবী জনায়।

ইয়াৰ উত্তৰত মুখ্য কাৰ্যবাহী বিষয়া লোহিত দাসে প্ৰতিবাদকাৰীসকলক লিখিতভাৱে জনায় যে ২৫ জুলাইৰ পৰা বৰনগৰ ফীডাৰেৰে অতিৰিক্ত ১০ মেগাৱাট বিদ্যুতৰ ব্যৱস্থা কৰি সেয়া সকলো ফীডাৰতে সমভাৱে বিতৰণ কৰা হ’ব।