NORTHEAST NOW (Assamese)
অসম

বিখ্যাত ‘জুজাইনি’ উপন্যাসৰ স্ৰষ্টা তথা বড়ো সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীৰ মৃত্যু

Posted by: ৰিনয় বসুমতাৰী January 17, 2018 12:22 pm
পত্নীৰ সৈতে মুছাহাৰী

যোৱা কেইবামাহৰ পৰা শাৰিৰীক অসুস্থতাত ভুগি থকা বড়ো সাহিত্য সমাজৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা বিখ্যাত জুজাইনি উপন্যাসৰ স্ৰষ্টা চিত্তৰঞ্জন মুছাহাৰী(৭৫)য়ে নিয়তিৰ নিষ্ঠুৰ সত্য মৃত্যুক আকোৱালি লয় মঙলবাৰে নিশা ১১ মান বজাত। বিশিষ্ট সাহিত্যিক তথা উপন্যাসিকগৰাকীৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বি টি এ ডি অঞ্চল। সাহিত্যিকগৰাকীক শেষ শ্ৰদ্ধাঞ্জলী দিয়াৰ উদ্দেশ্যেৰে আজি বি টি এ ডিত অৰ্ধ চুটী ঘোষণা কৰিছে প্ৰশাসনে।

সাহিত্যিক পেঞ্চনাৰ তথা প্ৰথম চামেশ্বৰী আৰু প্ৰমোদ ব্ৰহ্ম সাহিত্য পুৰস্কাৰ প্ৰাপ্ত উপন্যাসিক মুছাহাৰী বিগত ডেৰবছৰে শাৰিৰীক অসুস্থাতাৰ বাবে শয্যাশায়ী হৈ আছিল। জানিব পৰা অনুসৰি মৃত্যুৰ সময়লৈকে বৰ্ষীয়ান সাহিত্যিকগৰাকীয়ে গভীৰ আৰ্থিক সংকটত ভুগি আছিল আৰু চৰকাৰ প্ৰশাসন তথা কোনো লোকৰে পৰা সহায় লাভ নকৰা বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে।।

উল্লেখযোগ্য যে মুছাহাৰীয়ে বড়ো আৰু অসমীয়া মাধ্যমত ৬৫ খনতকৈও অধিক উপন্যাস লিখি সাহিত্যৰ ভড়াল টনকীয়াল কৰি থৈ গৈছে। তদুপৰি তেওঁৰ প্ৰথম বড়ো উপন্যাস জুজাইনি পিছলৈ বিশ্ববিদ্যালয়ৰ বড়ো(এম আই এল) পাঠ্যক্ৰমত অন্তৰ্ভুক্তি হৈছিল।

বিটিচি প্ৰশাসনে সাহিত্যিকগৰাকীক সৰ্বোচ্চ প্ৰমোদ বড়ো সাহিত্য সন্মানেৰে সন্মানিত কৰিছিল। এই বঁটাত নগদ দুই লাখ টকা সহিতে প্ৰশস্তি পত্ৰ প্ৰদান কৰে। ইয়াৰ উপৰি বড়ো সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে বড়ো সাহিত্য সভাই প্ৰদান কৰা প্ৰথম চামেশ্বৰী সাহিত্য পুৰস্কাৰো মুছাহাৰীয়ে লাভ কৰিবলৈ সক্ষম হৈছিল।

১৯৪৫ চনত কোকৰাঝাৰ জিলাৰ বেলগুৰি গাৱঁত জন্মগ্ৰহণ কৰিছিল চিত্তৰঞ্জন মুছাহাৰী। সৰু কালৰে পৰা সাহিত্য চৰ্চাত আগ্ৰহী মুছাহাৰীয়ে ২০১৫ চনত প্ৰবন বনগয়াৰী পুৰস্কাৰ আৰু ৰংচাৰ সাহিত্য পুৰস্কাৰো পাবলৈও সক্ষম হৈছিল।