NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰৰ বৰালীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, মহিলাসহ আহত দুগৰাকী লোক

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ March 2, 2022 3:08 pm
কলিয়াবৰৰ বৰালীগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, মহিলাসহ আহত দুগৰাকী লোক

শিৱৰাত্ৰিৰ নিশা কলিয়াবৰৰ বৰালীগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত মহিলাসহ দুগৰাকী লোক গুৰুতৰ ভাবে আহত হৈছে।

চাৰিলেনযুক্ত পথৰ ডিভাইদাৰত খুন্দা মাৰি পথাৰত পৰিলগৈ মহিন্দ্ৰ জাইল’ বাহন।

মহিন্দ্ৰ জাইল’ বাহন খনৰ খুন্দাত দুটাকৈ বৈদ্যুতিক খুঁটা ভাগি পৰে ।

দুৰ্ঘটনাটোত আহত লোক দুগৰাকীক বিশ্বনাথ চাৰিআলিৰ দীপাংকৰ গোস্বামী আৰু ৰিজু শইকীয়া বুলি চিনাক্ত কৰা হৈছে।

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ এ এছ ৩২১৭৯৯।

দুৰ্ঘটনা সংঘটিত কৰি গাড়ীখন ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ দূৰলৈ চিটিকি পৰে। আহত মহিলাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।