NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়াৰ বিপৰ্যয়! ৮০০ বাহনেৰে সু-সজ্জিত ৰাছিয়াৰ শক্তিশালী সেনা কনভয় ধ্বংস কৰিলে ইউক্ৰেইনে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 2, 2022 3:04 pm
Russia-Ukraine war

‘দুৰ্বল’ ইউক্ৰেইনত ‘শক্তিশালী’ ৰাছিয়াৰ অনাকাঙ্ক্ষিত বিপৰ্যয়! অনায়াসে ইউক্ৰেইন জয়ৰ স্বপ্ন দেখা ৰাছিয়াৰ যেন দৰ্প চূৰ্ণ হৈছে!

যুদ্ধৰ পূৰ্বে আমেৰিকাকে ধৰি নাটোৰ পূৰ্ণ সমৰ্থন লাভ কৰিলেও ৰাছিয়াৰ আক্ৰমণৰ পিছতে কাৰ্যক্ষেত্ৰত প্ৰায় অকলশৰীয়া হৈ পৰা ইউক্ৰেইনে অকলেই প্ৰতিহত কৰিছে ৰাছিয়াৰ শক্তিশালী সৈন্য বাহিনীক।

ইউক্ৰেইনৰ মাইকোলাইভ অঞ্চলৰ বাস্তাংকা চহৰৰ ওচৰত ইউক্ৰেইনৰ বাহিনীয়ে ৮০০ বাহনেৰে সু-সজ্জিত ৰাছিয়াৰ সামৰিক বাহিনীৰ এটা শক্তিশালী কনভয় ধ্বংস কৰিছে।

ইউক্ৰেইনৰ বায়ু সেনাই সেনা আৰু আঞ্চলিক প্ৰতিৰক্ষাৰ গোটৰ সহযোগত ৰাছিয়াৰ এই বৃহৎ সামৰিক কনভয়টো ধ্বংস কৰে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

ডিনিপ্ৰোপেট্ৰভস্কৰ আঞ্চলিক পৰিষদৰ মুৰব্বী মাইকোলা লুকাচুকে ইউক্ৰেইনৰ সেনা বাহিনীৰ এই বৃহৎ সফলতাৰ বাতৰি নিশ্চিত কৰিছে।

“মঙলবাৰে আবেলি আমি বাষ্টাংকাৰ পৰা ক্ৰিভি ৰিহ অভিমুখী ৮০০ বাহনেৰে সজ্জিত ৰাছিয়াৰ সামৰিক বাহিনীটোৰ বিষয়ে তথ্য পাইছিলো। আমাৰ সেনা বাহিনীয়ে তৎক্ষণাৎ সষ্টম হৈ শত্ৰুক ডিনিপ্ৰোপেট্ৰভস্ক অঞ্চলত প্ৰৱেশ কৰাত বাধা দিয়ে।”— লুকাচুকে কয়।

 

ধ্বংস হোৱা ৰাছিয়াৰ বাহনসমূহৰ ভিতৰত আছে ডি-30এ হাউইটজাৰ, বিটিআৰ-80 এপিচি, পেণ্টিৰ মিছাইল চিষ্টেম বাহন আৰু ট্ৰাকবোৰক গোলাবাৰুদ যোগান ধৰা কিছু অত্যাধুনিক বাহন।

প্ৰকাশিত খবৰ অনুসৰি কনভয়টোত থকা কেইজনমান ৰাছিয়ান সৈন্যকো ইউক্ৰেইনৰ সেনা বাহিনীয়ে বন্দী কৰি ৰাখিছে।

অভিযানৰ সময়ত ইউক্ৰেইনৰ প্ৰতিৰক্ষা বাহিনীয়েও এখন হেলিকপ্টাৰ হেৰুৱায়। অৱশ্যে, হেলিকপ্টাৰৰ পাইলটসকল জীৱিত অৱস্থাত উদ্ধাৰ হয়।