NORTHEAST NOW (Assamese)
অসম

বিজেপি চৰকাৰে চাহ শ্ৰমিকক বঞ্চনা কৰাৰ প্ৰতিবাদত ৪ জুলাইত বাগিচাই-বাগিচাই ধৰ্ণা

Posted by: এন ই নাও নিউজ June 26, 2018 12:24 pm
Athabari Tea Estate, Dimou

বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি নকৰি কৌশলগতভাৱে শ্ৰমিকসকলক প্ৰতাৰণা কৰি আহিছে। চৰকাৰে দিয়া সময় ছমাহ উকলি যোৱাৰ পাছতো চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নোপোৱাটোৱে চৰকাৰৰ মিথ্যাচাৰক উদঙাই দিছে। সোমবাৰে অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই অভিযোগ উত্থাপন কৰিছে।

বিজ্ঞপ্তিটোৰ জৰিয়তে তেওঁ আৰু কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত স্পষ্ট ৰূপত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকা কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া বিজেপিৰ প্ৰতিশ্ৰুতি ধোৱা চাঙত উঠিছে।

বিগত দুটা বছৰে বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে কিয় কোনো ধৰণৰ ব্যৱস্থা হাতত নললে বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাজু চাহুৱে।

চাহুৱে বিজেপি চৰকাৰক ধনী শ্ৰেণীৰ চৰকাৰ বুলি কটাক্ষ কৰি কয় যে চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে ৱেজ বৰ্ড গঠন কৰিছিল কিন্তু বিগত ছমাহে মজুৰি বৃদ্ধি নকৰি পাকে-প্ৰকাৰে চাহ বাগিচাৰ মালিকসকলক সহায় কৰা পৰিলক্ষিত হৈছে।

বিজ্ঞপ্তিযোগে তেওঁ কয় যে বৰ্তমান মূল্যবৃদ্ধিৰ যুগত দৈনিক মাত্ৰ ১৩৭ টকাৰে চাহ শ্ৰমিকসকলে পৰিয়াল চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত চাহুৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে মজুৰি বৃদ্ধি, বোনাছ কমকৈ পোৱা আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত অহা ৪ জুলাইত অসমৰ বাগিচাই-বাগিচাই এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি প্ৰেছ বিজ্ঞপ্তিটোত ৰাজু চাহুৱে উল্লেখ কৰে।

যদি চৰকাৰে এই সমস্যা সমাধানৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে পৰৱৰ্তী সময়ত বাগিচাৰ সকলো শ্ৰমিক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হব আৰু অসম চাহ মজদুৰ সংঘয়ো তীব্ৰ আন্দোলন গঢ়ি তুলিব।