NORTHEAST NOW (Assamese)
অসম

বিজয়া চক্ৰৱৰ্তীৰ স্বামী জিতেন চক্ৰৱৰ্তীৰ মৃত্যুত মুখ্য মন্ত্ৰীৰ শোক

Posted by: এন ই নাও নিউজ June 18, 2018 8:42 pm
বিজয়া চক্ৰৱৰ্তীৰ স্বামী জিতেন চক্ৰৱৰ্তীৰ মৃত্যুত মুখ্য মন্ত্ৰীৰ শোক

বিশিষ্ট সমাজকৰ্মী, সমাজ সংগঠক তথা গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ স্বামী জিতেন চক্ৰৱৰ্তীৰ আজি বিয়লি দেহাৱসান ঘটে।

হৃদৰোগত আক্ৰন্ত হৈ দিছপুৰৰ জি এন আৰ চি হাস্পাতালত চিকিৎসাধীন হৈ থকা  চক্ৰৱৰ্তীৰ মৃত্যুৰ সময়ত ৮২ বছৰ বয়স হৈছিল।

উল্লেখযোগ্য যে মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা প্ৰয়াত চক্ৰৱৰ্তীয়ে এছ চি ই আৰ টিত এড্যুকেশ্যন অফিচাৰ হিচাপে দায়িত্ব পালন কৰিছিল। তদুপৰি এগৰাকী প্ৰবন্ধকাৰ হিচাপেও তেওঁ পৰিচিত আছিল।

চক্ৰৱৰ্তীৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ শোণোৱালে গভীৰ শোক প্ৰকাশ কৰিছে। এক শোক বাৰ্তাত মুখ্য মন্ত্ৰীয়ে কয় যে প্ৰয়াত জিতেন চক্ৰৱৰ্তীয়ে জীৱন কালত বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত থাকি সমাজৰ বিভিন্ন দিশত যথেষ্ট অৱদান আগবঢ়াই গৈছে।

তেওঁ চক্ৰৱৰ্তীৰ মৃত্যুক সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি তেখেতৰ পৰিয়াল বৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।