NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত বনৰীয়া হাতীৰ তাণ্ডৱ; আতংকিত স্থানীয় ৰাইজ

Posted by: কাজি জেইদুল ইছলাম August 2, 2018 3:20 pm

বিশ্বনাথত অব্যাহত আছে বন্য হস্তীৰ সন্ত্ৰাস। দীৰ্ঘদিন ধৰি ১২-১৫ জনীয়া এটা বনৰীয়া হাতীৰ জাকে বিশ্বনাথৰ বিভিন্ন অঞ্চলত ব্যাপক তাণ্ডৱ চলাই আহিছে।

বুধবাৰে নিশা মোনাবাৰী চাহ বাগিচাৰ লাহৰিজানৰ অন্তৰ্গত হাতখোলা লাইন প্ৰাথমিক বিদ্যালয়ত হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই।

বনৰীয়া হাতীৰ তাণ্ডৱ ইমানেই বেছি আছিল যে বিদ্যালয়খনৰ পকী ৰান্ধনী ঘৰ ভাঙি মধ্যাহ্ন ভোজনৰ চাউল খাই উদং কৰে হাতীৰ জাকটোৱে।

তাৰোপৰি ১২-১৫ জনীয়া হাতীৰ জাকটোৱে বিদ্যালয়খনৰ কাষৰে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ বিস্তৰ ক্ষতি সাধন কৰে।

ইতিমধ্যে বনৰীয়া হাতীৰ জাকটোৱে উক্ত অঞ্চলৰ পৰা আঁতৰি গৈছে বুলি জানিব পৰা গৈছে।