NORTHEAST NOW (Assamese)
অসম

ওস্তাদ আমজেদ আলী খানক কমলা শইকীয়া স্মাৰক ৰাষ্ট্ৰীয় বঁটা-২০১৮ৰ বাবে মনোনীত

Posted by: এন ই নাও নিউজ August 2, 2018 3:07 pm
Amazad-Khan-570x320

প্ৰখ্যাত সৰোদ বাদক পদ্ম বিভূষণ ওস্তাদ আমজেদ আলী খানক কমলা শইকীয়া স্মাৰক ৰাষ্ট্ৰীয় বঁটা-২০১৮ৰ বাবে মনোনীত কৰা হৈছে। ভাৰতীয় ধ্ৰুপদী সংগীতৰ এই গৰাকী মহান কলাকাৰে সংগীতৰ মাধ্যমেৰে সমাজ জীৱনৰ শান্তি, ঐক্য আৰু ভাতৃত্ববোধৰ বাবে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেওঁলৈ এই বঁটা আগবঢ়োৱা হৈছে।

‘‘সংগীতৰ পদোন্নতি কৰিব পৰা নাযায়, জনতাই সংগীতজ্ঞ বাচনি কৰে’’(Music can’t be promoted, people choose musicians ) বুলি অকুণ্ঠ চিত্তে ঘোষণা কৰা বিশ্ব মানৱতাৰ প্ৰতি বিশ্বাস ৰখা, আজি সংগীত আৰু সমাজৰো চৰম দুৰ্দিনৰ দিনতো ‘হিন্দুস্তানী শাস্ত্ৰীয় সংগীত’ৰ ধাৰাটোক বিশ্বৰ সংগীতপ্ৰেমীৰ মাজলৈ লৈ যোৱা সকলৰ অন্যতম  ওস্তাদ আমজেদ আলী খান নিৰাশাৰ মাজত এগচি আশাৰ প্ৰদীপ।

আগষ্টৰ ৯ তাৰিখে গুৱাহাটীৰ উজান বজাৰ বজাৰত অৱস্থিত বিৱেকানন্দ কেন্দ্ৰ অডিটৰিয়ামত অনুষ্ঠিত এখন অনুষ্ঠানত তেওঁত এই বঁটা প্ৰদান কৰা হ’ব। আয়োজকসকলে জনোৱা মতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাই এই অনুষ্ঠানত ১৭ সংখ্যক কমলা শইকীয়া স্মাৰক বক্তৃতা প্ৰদান কৰিব।

প্ৰয়াত সাংবাদিক তথা মুক্তিযুঁজাৰু কমলা শইকীয়াৰ নামত স্থাপন এটা ন্যাসে এই এই দ্বিবাৰ্ষিক বঁটাটো প্ৰৱৰ্তন কৰছে। এই বঁটাৰ সৈতে আছে এখন মানপত্ৰ, আৰু ১ লাখ টকাৰ এখন চেক।

২০১২ চনত সূচনা কৰাৰ পাছত কমলা শইকীয়া স্মাৰক ৰাষ্ট্ৰীয় বঁটা নিজৰ নিজৰ ক্ষেত্ৰত অসামান্য বৰঙণি আগবঢ়োৱা তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ এই বঁটা আগবঢ়োৱা হৈছে। তেওঁলোক হৈছে অসমৰ অগ্ৰগণ্য চাহ উদ্যোগী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, প্ৰখ্যাত কৰ্কট বিশেষজ্ঞ ড০ তপন শইকীয়া আৰু আৱিষ্কাৰক উদ্ধব কুমাৰ ভৰালী।

আয়োজকসকলে জনাইছে যে অহা ৯ আগষ্টৰ কমলা শইকীয়া স্মাৰক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানটো গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত আয়োজন কৰা হৈছে।