NORTHEAST NOW (Assamese)
অসম

ন্যায়ালয়লৈ যোৱাৰ হুংকাৰেৰে বিধেয়ক বিৰোধী স্থিতিত সৰৱ অগপ

Posted by: এন ই নাও নিউজ February 10, 2019 9:49 am
atul-borah

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত মন্ত্ৰিত্ব ত্যাগ কৰি এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অগপৰ সভাপতি অতুল বৰা। কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰে বিধেয়ক গৃহীত কৰাৰ বাবে লোৱা আঁকোৰগোঁজ স্থিতিক প্ৰত্যাহ্বান জনাই অগপ সভাপতি গৰাকীয়ে প্ৰয়োজনত ন্যায়ালয়ৰ সহায় লৈ হ’লেও অসমৰ জনসাধাৰণৰ সুৰক্ষিত ভবিষ্যতৰ স্বাৰ্থত বিধেয়ক বাতিলৰ বাবে সংগ্ৰাম চলাই যাব বুলি মন্তব্য কৰে।

শনিবাৰে নৰেন্দ্ৰ মোডীয়ে চাংসাৰিত বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ দিনটোতে অগপৰ সভাপতিজনে বৰপেটাৰ পৰা বিজেপিলৈ বিধেয়ক বিৰোধী স্থিতিৰে হুংকাৰ দিয়ে। এক ব্যাক্তিগত ভ্ৰমণসূচী লৈ বৰপেটালৈ অহা অতুল বৰাই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতিবাদৰ পাছতো চৰকাৰে জোৰকৈ বিধেয়ক গৃহীত কৰাৰ বাবে লোৱা আক্ৰমণাত্মক স্থিতিক সমালোচনা কৰে।

আনহাতে, উত্তৰ-পূবৰ জনসাধাৰণে নিবিচৰা এখন বিধেয়ক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বলপূৰ্বকভাবে জাপি দিয়াৰ চেষ্টা কৰিলে ভবিষ্যতে ৰাজ্যত অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে বৰাই।

অগপই নাগৰিকত্ব সংশোধনী বিধেয়ক যাতে কোনো কাৰণতে ৰাজ্যসভাত গৃহীত হ’ব নোৱাৰে তাৰবাবে বিভিন্ন ৰাজনৈতিক দলৰ নেতা সকলক সাক্ষাৎ কৰি ৰাজ্যসভাৰ মজিয়াত বিধেয়ক বিৰোধী স্থিতি গ্ৰহণ কৰাৰ বাবে অগপই প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও মন্তব্য কৰে অতুল বৰাই।