NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত বৃদ্ধি পাই অহা অপৰাধ সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষকলৈ আছুৰ স্মাৰকপত্ৰ

Posted by: কাজি জেইদুল ইছলাম May 15, 2018 9:32 pm
Biswanath AASU

বিগত কিছু মাহৰ পৰা বিশ্বনাথত বিভিন্ন অপৰাধ জনীত ঘটনাই জনসাধাৰণৰ মাজত এক সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। এই সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আছুৰ নেতৃবৰ্গই জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে এক বৈঠকত মিলিত হয়।

চোৰ, ডকাইতি, হত্যাকে আদি কৰি অপৰাধ প্ৰৱণতা ইমানে বৃদ্ধি পাইছে যে সাধাৰণ ৰাইজৰ মাজত নিৰাপত্তাৰ দিশটো এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

ইয়াৰ ফলত ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা তথা অপৰাধজনীত ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰিক অতি সোনকালে কৰায়ত্ব কৰি আইনৰ জৰিয়তে যাতে উচিত শাস্তি প্ৰদান কৰে তাৰ বাবে আজি বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাই বিশ্বনাথ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে এক আলোচনাত মিলিত হয়।

এই আলোচনাৰ মজিয়াতে ছাত্ৰ সন্থাৰ সদস্য সকলে অতিৰিক্ত জিলা আৰক্ষী অধীক্ষকৰ দ্বাৰা বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষকলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।