NORTHEAST NOW (Assamese)
অসম

মাজুলীত অনুষ্ঠিত হ’ব ‘বডৌচা কাপ’ ফুটবলৰ গুৰুত্বপূৰ্ণ পাঁচখন মেচ  

Posted by: এন ই নাও নিউজ July 25, 2018 12:37 pm
29regfootball

ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমূলক ‘বডৌচা কাপ’ ফুটবল প্ৰতিযোগিতাৰ চলিত বৰ্ষৰ কেইখন মান গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব মাজুলীত। অসম ফুটবল সন্থাৰ তত্ত্বাৱধানত আৰু বডৌচা স্প’ৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হৈ অহা প্ৰতিযোগিতাখন এই বেলি ভৰি দিছে দশম বৰ্ষত। সেয়ে আয়োজক সন্থাই  এই বেলি প্ৰতিযোগিতাখনৰ বাবে মাজুলীৰ লগতে অসমৰ মুঠ আঠটা স্থান নিৰ্বাচন কৰিছে।

উল্লেখ্য যে মাজুলীত জিলা ক্ৰীড়া সন্থাৰ সহযোগত প্ৰতিযোগিতাখনৰ এটা গ্ৰুপৰ তিনিখন মেচ, এখন প্ৰি-কোৱাৰ্টাৰ আৰু এখন কোৱাৰ্টাৰ পৰ্যায়ৰ খেল অনুষ্ঠিত হ’ব।

মঙলবাৰে এই উপলক্ষে মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত মাজুলী জিলা ক্ৰীড়া সন্থা, অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক অংকুৰ দত্ত, বডৌচা স্প’ৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি  মৰাণ আৰু মাজুলীৰ নবীন-প্ৰবীণ ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত এখন সভা অনুষ্ঠিত হৈ যায়।

মাজুলীত ৯ ছেপ্টেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বডৌচা কাপৰ খেলসমূহ অনুষ্ঠিত হ’ব বুলি সভাৰ অন্তত প্ৰকাশ কৰে।

মাজুলী মিনি ষ্টেডিয়াম গড়মূৰত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনৰ বাবে মাজুলী ক্ৰীড়া সন্থাৰ সভাপতি তথা সমষ্টিৰ বিধায়ক মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুখ্য পৃষ্ঠপোষক হিচাপে লৈ এখন আদৰণী সমিতি গঠন কৰে।