NORTHEAST NOW (Assamese)
অসম

বজালীক এখন সুকীয়া জিলা হিচাপে ঘোষণা কৰাৰ দাবীত পাঠশালাত আছুৰ অনশন ধৰ্মঘট

Posted by: শশাংক তালুকদাৰ August 15, 2018 7:14 pm
PicsArt_08-15-06.39.33

সদৌ অসম ছাত্ৰ সন্থাৰ বজালী মহকুমাৰ পাঠশালা আঞ্চলিক কমিটীয়ে  অনশন কাৰ্যসূচী পালন কৰিছে। বজালীক এখন সুকীয়া জিলা হিচাপে ঘোষণা কৰাৰ দাৱীত কৰিবলৈ মঙলবাৰৰ পৰা পাঠশালাৰ আছুৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হোৱা ২৪ ঘণ্টীয়া এই অনশন কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰিছে পাঠশালা আঞ্চলিক কমিটীৰ সভাপতি দামোদৰ ৰয় আৰু সম্পাদক হিমাংশু শৰ্মাই।

পাঠশালা হৰি মন্দিৰৰ সন্মুখত থকা আছুৰ কাৰ্যালয়ৰ সন্মুখত ২০০ৰো অধিক আছু কৰ্মীয়ে এই অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

এই অনশন কাৰ্যসূচীত অগপ আৰু  পাঠশালা বজাৰ কমিটীৰসদস্যসকলকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধি উপস্থিত আছিল।