NORTHEAST NOW (Assamese)
অসম

আমেৰিকা আৰু ব্ৰিটেইনৰ পিছত জাৰ্মানীয়েও ঘূৰাই পঠাব ভাৰতীয়ক! সোঁপন্থীৰ জয়ে বৃদ্ধি কৰিছে উদ্বিগ্নতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 25, 2025 7:58 am

ভোটদানৰ পূৰ্বে সকীয়াই দিছিল ড’নাল্ড ট্ৰাম্পে। সেইদৰে আমেৰিকাৰ বায়ুসেনাই অবৈধ ভাৰতীয়ক বিমানত তুলি ভাৰতলৈ ঘূৰাই পঠিয়াইছে। ব্ৰিটেইনতো অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি কৰায়ত্ত কৰা হৈছে। ভাৰতীয়সকলকো গ্ৰেপ্তাৰ কৰা হৈছে। প্ৰত্যাৰ্পণো আইন অনুসৰি কৰা হ’ব।

শেহতীয়াকৈ ফ্ৰেড্ৰিখ মাৰ্জৰ নেতৃত্বত জাৰ্মানীত কঠোৰপন্থীসকল ক্ষমতালৈ আহিছে। নতুন সোঁপন্থী চৰকাৰে সীমান্ত নিয়ন্ত্ৰণ, শৰণাৰ্থী আইন, অনুপ্ৰৱেশকাৰীৰ বাবে সামাজিক সুবিধা আদিৰ ক্ষেত্ৰত কঠোৰ নীতি ঘোষণা কৰিছে।

এই ঘটনাক লৈ তাত বসবাস কৰা ভাৰতীয় সকলে বিপদৰ আশংকা দেখিছে। আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে জাৰ্মানীয়েও এতিয়া ভাৰতীয়সকলক দেশান্তৰ কৰিব বুলি আশংকা কৰা হৈছে।

যোৱা মাহত মাৰ্জে নিৰ্বাচনৰ পূৰ্বে অনুপ্ৰৱেশ ৰোধৰ বাবে পাঁচ দফীয়া পৰিকল্পনা ঘোষণা কৰিছিল। সেই পৰিকল্পনাত চুবুৰীয়া দেশৰ সৈতে কঠোৰ সীমান্ত চুক্তি অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ এটা লক্ষ্য আছিল অবৈধ অনুপ্ৰৱেশ ৰোধ কৰা। ইয়াৰ উপৰিও শৰণাৰ্থী আইন কঠোৰ কৰা আৰু অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে সামাজিক সুবিধা হ্ৰাস কৰা।

কেৱল আইনী অনুপ্ৰৱেশকাৰীয়েহে তাত সকলো সামাজিক সুবিধা লাভ কৰিব। অনুপ্ৰৱেশ ৰোধৰ বাবে কঠোৰ আইনী ব্যৱস্থাৰো আহ্বান জনোৱা হৈছে। জাৰ্মানীত অনুপ্ৰৱেশ ৰোধ কৰিবলৈ চুবুৰীয়া দেশসমূহৰ সৈতে যৌথ নিষ্পত্তি বিচাৰে মাৰ্জে।

এতিয়ালৈকে জাৰ্মানী ইউৰোপৰ অন্যতম উদাৰপন্থী দেশ আছিল। ভাৰতকে ধৰি বিভিন্ন দেশৰ পৰা অনুপ্ৰৱেশকাৰীৰ সংখ্যা কম নহয়। সামাজিক সুবিধাকে ধৰি বিভিন্ন বিষয়ত এইবাৰ তেওঁলোক চাপত পৰিব বুলি ধাৰণা কৰা হৈছে।

অনুপ্ৰৱেশকাৰী ছাত্ৰ-ছাত্ৰী আৰু প্ৰব্ৰজিত শ্ৰমিকসকলো বিপদত পৰাৰ সন্দেহ কৰা হৈছে। মুঠতে সোঁপন্থী ফ্ৰেড্ৰিখ মাৰ্জৰ একাধিক সিদ্ধান্তই আমেৰিকা আৰু ব্ৰিটেইনৰ পিছত জাৰ্মানীত বসবাস কৰা ভাৰতীয়ৰ এটা অংশৰ বাবে নিদ্ৰাহৰণ কৰি তুলিছে।