NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ জিম্বাবুৱে আৰু শ্ৰীলংকা ভ্ৰমণ স্থগিত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2020 8:15 am

ক’ৰ’না মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ৰোৰ্ডে শুকুৰবাৰে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাস্তাৱিত জিম্বাবুৱে আৰু শ্ৰীলংকা ভ্ৰমণ স্থগিত ৰাখে।

ভাৰতীয়ে ক্ৰিকেট দলটোৱে আগষ্টত জিম্বাবুৱে ভ্ৰমণলৈ যোৱাৰ কথা আছিল।

আনহাতে, ১১ জুনত শ্ৰীলংকা ক্ৰিকেট বোৰ্ডে ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া সীমিত অভাৰৰ এদিনীয়া আৰু টি-২০ শৃংখলা ক’ৰ’না ভাইৰাছৰ বৰ্দ্ধিত সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হৈছে বুলি প্ৰকাশ কৰিছিল।

উল্লেখযোগ্য যে, ভাৰতীয় ক্ৰিকেট দলে এতিয়াও জুলাইত অনুষ্ঠিত হ’বলগীয়া ট্ৰেইনিং কেম্পত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছে।

অধিনায়ক বিৰাট কোহলীকে ধৰি দলটোৰ সদস্য সকল ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত বৰ্তমান নিজ নিজ ঘৰতে আৱদ্ধ হৈ আছে।

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাই আহিছে।

১২ জুনত ভাৰতে ব্ৰিটেইনক অতিক্ৰম কৰি ক’ৰ’নাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হোৱা দেশ সমূহৰ ভিতৰত চতুৰ্থ স্থানত আছে।

ভাৰতত ক’ৰ’না আক্ৰান্ত হোৱা সংখ্যাই ৩ লাখ অতিক্ৰম কৰাৰ বিপৰীতে ডেৰ লাখতকৈ অধিক লোক সুস্থ হৈ উঠিছে।