NORTHEAST NOW (Assamese)
অসম

ৰাজ্যসভালৈ বিনাপ্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2020 8:27 am
ৰাজ্যসভালৈ বিনাপ্ৰতিদ্বন্দ্বিতাই নিৰ্বাচিত প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়া

ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী এইচ ডি দেৱেগৌড়া আৰু জেষ্ঠ কংগ্ৰেছী নেতা মল্লিকাৰ্জুন খৰ্গে বিনাপ্ৰতিদ্বন্দ্বিতাই ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে।

বিজেপিৰ নেতা অশোক গাষ্টি আৰু ইৰাণা কাদাদিয়ো শুকুৰবাৰে বিনা প্ৰতিদ্বিন্দ্বিতাই ৰাজ্যসভালৈ নিৰ্বাচিত হয়।

আটাইকেইগৰাকী নেতাই কৰ্ণাটকৰ পৰা বিনাপ্ৰতিদ্বন্দ্বিতাই ৰাজ্যসভাৰ বাবে নিৰ্বাচিত হয়।

ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা সদস্য কেইগৰাকীয়ে জডি(এছ)ৰ কুপেন্দ্ৰ ৰেড্ডী, কংগ্ৰেছৰ বি কে হৰিপ্ৰসাদ আৰু ৰাজীৱ গৌড়া আৰু বিজেপিৰ প্ৰভাকৰ কৌৰেৰ স্থানত ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে।

কুপেন্দ্ৰ ৰেড্ডী, বি কে হৰিপ্ৰসাদ, ৰাজীৱ গৌড়া আৰু বিজেপিৰ প্ৰভাকৰ কৌৰৰ ৰাজ্যসভাৰ কাৰ্য্যকাল অহা ২৫ জুনত সামৰণি পৰিব।

উল্লেখযোগ্য যে, কংগ্ৰেছৰ জেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে বিগত লোক সভা নিৰ্বাচত কৰ্ণাটকত বিজেপিৰ প্ৰতিদ্বিন্দ্বিৰ হাতত পৰাস্ত হৈছিল।

আনহাতে, ৰাজস্থানৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হ’বলগীয়া সদস্যক লৈ কংগ্ৰেছ আৰু বিজিপৰ মাজত তীব্ৰ প্ৰতিযোগিতা অব্যাহত আছে।

ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলটে বিজেপিয়ে ৰাজ্যখনত কংগ্ৰেছ বিধায়ক সকলক হৰ্ছ ট্ৰেডিং কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে।